মুখ্যপৃষ্ঠা » খবৰ

» অসম

»পকী দলং হ'ব, এতিয়া বাঁহৰ দলঙেই উদ্বোধন কৰিলে বিজেপিৰ নতুন বিধায়কে।

পকী দলং হ'ব, এতিয়া বাঁহৰ দলঙেই উদ্বোধন কৰিলে বিজেপিৰ নতুন বিধায়কে।

News18 Assam | News18-Assam
Updated:May 20, 2021, 10:08 AM IST
পকী দলং হ'ব, এতিয়া বাঁহৰ দলঙেই উদ্বোধন কৰিলে বিজেপিৰ নতুন বিধায়কে।
বিজনীৰ পুৰাকলা, বেটবাৰী, আলুখুন্দা সংযোগী পথত নদীৰ ওপৰত বাঁহৰ দলং নিৰ্ণাণ বিজেপি বিধায়ক অজয় কুমাৰ ৰয়ৰ।

বিজনীৰ পুৰাকলা, বেটবাৰী, আলুখুন্দা সংযোগী পথত নদীৰ ওপৰত বাঁহৰ দলং নিৰ্ণাণ বিজেপি বিধায়ক অজয় কুমাৰ ৰয়ৰ।

  • Share this:
বিজনীৰ নৱ নিৰ্বাচিত বিজেপি বিধায়ক অজয় কুমাৰ ৰয়ে গাথিৰ ধন ভাঙি, নিজে শ্ৰমদান কৰি স্থানীয় নিৰ্মাণ কৰিলে বাঁহৰ দলং ৷

উল্লেখ্য যে বিজনী মহকুমাৰ অন্তৰ্গত পুৰাকলা, বেটবাৰী, আলুখুন্দা সংযোগী পথত নদীৰ ওপৰত দলং নথকাৰ বাবে স্থানীয় ৰাইজে দীৰ্ঘদিনে সমস্যাৰ সন্মুখীন হৈ আহিছে । যাতায়তৰ নামত নৈখনৰ ওপৰত এডাল বাঁহৰ সাঁকোৰে সংকটজনক ভাবে স্থানীয় ৰাইজে অহা-যোৱা কৰিবলগীয়া হৈছিল ।

বিগত তিনিটাকৈ কাৰ্যকাল বিধায়ক হিচাপে নিৰ্বাচিত কমল ছিং নাৰ্জাৰীক দলং নিৰ্মাণৰ বাবে ৰাইজে আবেদন -নিবেদন কৰি আহিলেও গুৰুত্ব প্ৰদান কৰা নাছিল ৷ এইবাৰ বিধায়ক অজয় কুমাৰ ৰয়ে নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাইজৰ সুবিধাৰ কাৰণে দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল ৷

বিধায়কজনে হাতে-কামে লাগি দলংখন নিৰ্মাণ কৰে ৷ পৰৱৰ্তী সময়ত উক্ত স্থানত এখন পকী দলং নাইবা বক্স কাৰ্লভাৰ্ট নিৰ্মাণ কৰাৰ বাবে চেষ্টা কৰিব বুলিও নৱ নিৰ্বাচিত বিধায়কজনে প্ৰতিশ্ৰুতি দিয়ে ৷
Published by: Manjumoni Borah
First published: May 20, 2021, 10:08 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি