• Home
  • »
  • News
  • »
  • assam
  • »
  • লোকসভাৰ বাবে মাইক্ৰ' মেনেজমেণ্ট বিজেপিৰ ! বিজেপিয়ে হাতত লৈছে 'SWOT' পলিচী ...

লোকসভাৰ বাবে মাইক্ৰ' মেনেজমেণ্ট বিজেপিৰ ! বিজেপিয়ে হাতত লৈছে 'SWOT' পলিচী ...

বুথ মেনেজমেণ্টত বিজেপিৰ গ্ৰেডিং নীতি ৷ A,B,C গ্ৰেডিঙৰে বিজেপিৰ সাংগঠনিক ৰণনীতি ৷ 

বুথ মেনেজমেণ্টত বিজেপিৰ গ্ৰেডিং নীতি ৷ A,B,C গ্ৰেডিঙৰে বিজেপিৰ সাংগঠনিক ৰণনীতি ৷ 

বুথ মেনেজমেণ্টত বিজেপিৰ গ্ৰেডিং নীতি ৷ A,B,C গ্ৰেডিঙৰে বিজেপিৰ সাংগঠনিক ৰণনীতি ৷ 

  • Share this:
গুজৰাট, হিমাচল প্ৰদেশৰ নিৰ্বাচনী ফলাফল শেষ ৷ এতিয়া বিজেপিৰ লক্ষ্য ২০২৪ৰ লোকসভা নিৰ্বাচন ৷ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ মিছন ১৪৪ৰ বাবে সকলো দিশতে তৎপৰতা আৰম্ভ কৰিছে গেৰুৱা দল বিজেপিয়ে ৷গুজৰাট নিৰ্বাচনক ছেমি ফাইনেল আখ্যা দিয়া বিজেপিয়ে তৎপৰতা বৃদ্ধি কৰিছে এতিয়া লোকসভা নিৰ্বাচনৰ বাবে ৷

লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে নিজৰ দখলত নথকা ১৪৪টা লোকসভা সমষ্টিক লৈ হাতত লোৱা মিছন ১৪৪ৰ বাবে কি কি কৰ্মসূচী লৈছে সেয়া NEWS18ত ইতিমধ্যে সবিস্তাৰে প্ৰকাশ হৈছে ৷ বিজেপিয়ে ইয়াৰ ভিতৰত অধিক গুৰুত্ব দিছে পৃষ্ঠা সমিতি গঠন, বুথত গ্ৰেডিং পদ্ধতি আৰু লোকসভা প্ৰৱাসক ৷ ইতিমধ্যে অসমত বিজেপিৰ দখলত নথকা ৫টা সমষ্টিৰ নগাঁও,কলিয়াবৰ আৰু বৰপেটাত দলটোৰ তিনি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীয়ে লোকসভা প্ৰৱাস কৰি ৰাষ্ট্ৰীয় নেতৃত্বৰ হাতত দাখিল কৰিছে প্ৰতিবেদন ৷ শীঘ্ৰেই কোকৰাঝাৰ আৰু ধুবুৰীতো হ'ব প্ৰৱাস ৷ এই কথা জনালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই— "ইতিমধ্যে তিনিটা সমষ্টিত লোকসভা প্ৰৱাস হৈ গৈছে ৷ এই তিনিওটা সমষ্টিত প্ৰৱাস কৰি কি কি পালে সেয়া ৰাষ্ট্ৰীয় নেতৃত্বক তিনিওজন সংশ্লিষ্ট নেতাই প্ৰতিবেদন আকাৰে জনাইছে ৷ বাকী থকা আন দুটা সমষ্টিক লৈ আমাৰ প্ৰৱাস হ'ব ৷"উল্লেখ্য যে, প্ৰৱাসৰ সময়ত বিজেপিয়ে দেশজুৰি গুৰুত্ব দিছে SWOTনীতি অৰ্থাৎ সমষ্টি এটাত নিজৰ ষ্ট্ৰেংথ,উইকনেছ,অপৰছুনিটী,থ্ৰেটৰ ওপৰত ৷ শক্তি,দুৰ্বলতা,সুযোগ,ভাবুকী কি কি আছে সেয়া বিচাৰ কৰি দলটো আগবাঢ়িছে নিৰ্বাচনলৈ ৷ আনহাতে, বিজেপিয়ে নিজৰ সংগঠন শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় নেতৃত্বৰ মন্ত্ৰণাৰে প্ৰত্যেক ভোটাৰ তালিকাৰ বিপৰীতে থকা পৃষ্ঠা প্ৰমুখৰ ঠাইত এইবাৰ গঠন কৰিব পৃষ্ঠা সমিতি ৷ পৃষ্ঠা প্ৰমুখৰ ঠাইত দহ জনীয়া একোখনকৈ সমিতি হ'ব ৷ য'ত থাকিব একোজনকৈ আহ্বায়ক ৷ এই কথাও জনালে সভাপতি কলিতাই ৷ কলিতাই লগতে ক'লে, "অসম প্ৰদেশ বিজেপিৰ অন্তৰ্গত ২৮০০০বুথক লৈ আৰম্ভ কৰিম গ্ৰেডিঙৰ ব্যৱস্থা ৷ ১২৬টা বিধানসভা সমষ্টিত একোজনকৈ প্ৰভাৰী থাকিব ৷ ধৰি লওক বৰচলালৈ মই যাম ৷ বৰচলাৰ বিধায়ক মোৰ সমষ্টিলৈ আহিব ৷ তেনেকৈয়ে বিধায়ক নথকা সমষ্টিবোৰতো আমাৰ প্ৰভাৰী থাকিব ৷ প্ৰভাৰীয়ে বুথ সমূহৰ কামৰ ওপৰত বাচি উলিয়াব লাগিব A,B,C বুথ ৷ যিবোৰ বুথ C গ্ৰেড হ'ব সেই বুথ সমূহ নতুনকৈ গঠন কৰা হ'ব ৷"
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি