'সন্ধিৰ বাঁহ বুদ্ধিৰে কটা' এই আপ্তবাক্যশাৰীৰেই শেহতীয়াকৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ এক হুংকাৰক কৌশলী প্ৰত্যাহ্বান জনালে বিজেপিৰ(BJP) ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া (Dilip Saikia)ই ৷ সোমবাৰে ওদালগুৰিত BPF প্ৰধান হাগ্ৰামা মহিলাৰী (Hagrama Mohilary)য়ে ২০২৪ৰ লোকসভা নিৰ্বাচনত কোকৰাঝাৰ, মঙলদৈত নিজা প্ৰাৰ্থী প্ৰক্ষেপ কৰিম বুলি সদম্ভ ঘোষণা কৰিছিল ৷
কিছুদিন পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কোকৰাঝাৰ, মঙলদৈত BPF-UPPLক লগত লৈ নিৰ্বাচনী যুদ্ধত নমাৰ কথা কোৱাৰ পিছতে হাগ্ৰামা মহিলাৰীয়ে সদম্ভ ঘোষণা কৰিছিল মহাজোঁট বা মিত্ৰজোঁটত নাথাকি অকলে প্ৰাৰ্থী দিয়াৰ কথা ৷
ইয়াৰ পিছতে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ক'লে এনেকৈ- "প্ৰাৰ্থী দিম বুলি বিপিএফে ক'ব পাৰে ৷ সেয়া দল এটাৰ সংগঠনৰ বাবে প্ৰয়োজনীয় কথা ৷ বিপিএফৰ লগত আগতে আমাৰ মিত্ৰতা আছিল। সেইবাৰ UPPLএ আমাৰ বিৰুদ্ধে প্ৰাৰ্থী দি প্ৰায় ১ লাখ ২০ হাজাৰমান ভোট পাইছিল ৷ এতিয়া বিপিএফ আমাৰ লগত নাই যেতিয়া আমাৰ বিশেষ ক'বলগীয়াও নাই ৷ কিন্তু ৰাজনীতিৰ কথাবোৰ অলপ সুকীয়া ৷ ৰাজনীতিত যিবোৰ দেখি থকা যায় সেইমতেই সকলো নহয় ৷ ৰাজনীতিত দেখাবোৰ আৰু শুনি থকাবোৰতকৈ ছবিখন অলপ বেলেগ হয় ৷ এবছৰ ছমাহ আগত কথাৰ কটাকটি হ'ব পাৰে, কিন্তু ভিতৰুৱাকৈ ঘটি থকাবোৰহে আচল কথা ৷ আমি আঞ্চলিক দলবোৰক লগত লৈয়েই আগবাঢ়িব বিচাৰিছোঁ, বিকাশৰ মন্ত্ৰৰে চৰৈৱেতি চৰৈৱেতি ৷ বিপিএফক সময়ত হয়তো সৈমান কৰিব পৰা যাব ৷ সন্ধিৰ বাঁহ বুদ্ধিৰে কেনেকৈ কাটিব লাগে আমাৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জানে ৷"
ইফালে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই লগতে ক'লে, "আমি যোৱাবাৰ ৯খন আসন পাইছিলোঁ ৷ নগাঁও সমষ্টিত আমি অলপতহে পৰাজিত হৈছোঁ ৷ এইবাৰ আগতকৈ তিনিখনমান আসন বেছিকৈ পাম ৷" একে সময়তে কংগ্ৰেছেও দাবী কৰি আছে ২০২৪ত ১৪খন লোকসভা আসনৰ কমেও ৬খনৰ পৰা ১০খন আসন লাভ কৰাৰ ৷
এই সময়ছোৱাত বিপিএফ (BPF) কংগ্ৰেছে গুৰুত্ব নিদিয়াৰ বিপৰীতে বিজেপিয়ে হাগ্ৰামা মহিলাৰীৰ বিপিএফক লগত লৈ আগবাঢ়িবলৈ যে যিকোনো প্ৰকাৰেই বিচাৰিছে সেয়া দলটোৰ ৰাজ্যিক সভাপতি আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকগৰাকীৰ কথাতে প্ৰমাণ হৈছে, য'ত হাগ্ৰামা মহিলাৰীয়ে না কৰাৰ পিছতো সন্ধিৰ বাঁহ বুদ্ধিৰে কাটি হ'লেও ৰাজনীতি কৰিবলৈ কুণ্ঠাবোধ কৰা নাই গেৰুৱা দলটোৱে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।