১০ মে'ত ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ প্ৰথমটো বৰ্ষপূৰ্তি ৷ ইয়াৰ বাবে ৯-১০ মে'ত এলানি কাৰ্যসূচী গ্ৰহণ কৰিছে ড° শৰ্মাৰ চৰকাৰে ৷ ১০ মে'ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও অংশগ্ৰহণ কৰাৰ কথা ৷
মুখ্যমন্ত্ৰী ড° শৰ্মা চৰকাৰৰ বৰ্ষপূৰ্তিত আন এক মাহজোৰা কাৰ্যসূচীও গ্ৰহণ কৰিছে ৷ এয়া হ'ল- ১০ মে'ৰ পৰা ১০ জুনলৈকে ৰাজ্যজোৰা ভ্ৰমণসূচী লৈছে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ চৰকাৰে ৷
এই সন্দৰ্ভত সোমবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক'লে- “১০ মে'ৰ পৰা ১০ জুন পৰ্যন্ত মন্ত্ৰীসভাৰ সদস্যসকলে সমগ্ৰ অসম পৰিভ্ৰমণ কৰিম ৷ এয়া হ'ব আমাৰ মাহজোৰা কৰ্মযজ্ঞ ৷ এই সময়ছোৱাত আমি স্কুল-কলেজ-ইউনিভাৰ্চিটি-মেডিকেল আদি পৰিদৰ্শন কৰিম ৷ আমি নিৰ্মীয়মাণ চৰকাৰী প্ৰকল্পসমূহৰ অগ্ৰগতিৰ খতিয়ান ল'ম ৷”
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|