মুখ্যপৃষ্ঠা »খবৰ »অসম »G20 Summit in Guwahati : জি-২০ক লৈ বিজেপিৰ বিষয়ববীয়া তথা সাংসদ, মুখপাত্ৰসকলক সাঙুৰি তিনিখনকৈ সমিতি গঠন

G20 Summit in Guwahati : জি-২০ক লৈ বিজেপিৰ বিষয়ববীয়া তথা সাংসদ, মুখপাত্ৰসকলক সাঙুৰি তিনিখনকৈ সমিতি গঠন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ বিশ্বগুৰু আসনৰ দিশে আগবাঢ়িছে – ৰাজ্যিক বিজেপি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ বিশ্বগুৰু আসনৰ দিশে আগবাঢ়িছে – ৰাজ্যিক বিজেপি

  • Share this:

 ‘প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষই বিশ্বগুৰুৰ আসনৰ দিশে আগবাঢ়িছে। নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপৰ বাবেই ভাৰতে জি-২০ ৰ অধ্যক্ষতা লাভ কৰিছে’-দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি দলৰ মুখপাত্রদ্বয় মনোজ বৰুৱা আৰু পংকজ বৰবৰাই এনেদৰে মন্তব্য কৰিছে।


ৰাজ্যিক বিজেপিৰ নেতাদ্বয়ে কয়, বিশ্বৰ ৭৫ শতাংশ বাণিজ্য, অর্থনীতিক প্রতিনিধিত্ব কৰা জি-২০ ৰ অধ্যক্ষতা লাভ কৰাটো ভাৰতবৰ্ষৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। জি-২০ সন্মিলনত ৩২ টা বিষয়ত ২০০ খন বৈঠক অনুষ্ঠিত হ’ব।


এই বৈঠকে অর্থনৈতিক, কূটনৈতিক, ৰাজনৈতিক, সাংস্কৃতিক, শৈক্ষিক আদি সকলো দিশতে ভাৰতবৰ্ষক উপকৃত কৰিব। ইয়াৰ দ্বাৰা ভাৰতবৰ্ষই বিশ্বৰ প্ৰেক্ষাপটত গুৰুত্বপূর্ণ স্থান লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে দেশৰ যুৱ প্ৰজন্ম বিশেষভাৱে উপকৃত হ’ব।


ভাৰতবৰ্ষই জি-২০ ৰ অধ্যক্ষৰ সুবিধা লাভ কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক ৰাজ্যিক বিজেপিয়ে ধন্যবাদ তথা আন্তৰিক কৃতজ্ঞতা প্ৰদান কৰিছে। দলৰ নেতাদ্বয়ৰ মতে, আজিৰ তাৰিখত নৰেন্দ্ৰমোদীৰ নেতৃত্বত ভাৰতবৰ্ষ ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ লগতে, ছাংহাই ক'ৰ্পৰেশ্যেন অর্গেনাইজেশ্যেনৰ অধ্যক্ষ আৰু শেহতীয়াকৈ জি-২০ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈছে।


বিশ্বৰ প্ৰেক্ষাপটত ভাৰতবৰ্ষ যে বিশ্বগুৰুৰ দিশেৰে তীব্ৰ গতিত আগবাঢ়িছে এয়া তাৰেই এক নিদর্শন।শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষ হিচাপে বিশ্বৰ নেতৃত্বশালী সংগঠন বিশ্ববেংক,আই এম এফ, বিশ্ব বাণিজ্য সংস্থাকে আদি কৰি অন্যান্য সংগঠনসমূহৰ ক্ষেত্ৰত গাঁথনিগত পৰিৱৰ্তনৰপোষকতা কৰিছে।


পৰৱৰ্তী পৰ্যায়ত জি-২০ ৰ সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ উদ্যোগত এই পৰিৱৰ্তন হ’লে ভাৰতবৰ্ষ আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত ৰাজনৈতিক, অর্থনৈতিক আদি সকলো দিশতেউপকৃত হ’ব।


মুখপাত্রদ্বয়ে কয়, জি-২০ সন্মিলনে সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৰ্বাঞ্চল তথা অসমকো উপকৃত কৰিব। ইয়াৰে ৫ খন বৈঠক অসমত অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে ১৩৩৭ কোটি টকা ব্যয়েৰে ১২ টাকৈ নির্বাচিত পর্যটন ক্ষেত্ৰ চিনাক্ত কৰি নতুন ৰূপত সজাই তুলিছে। তদুপৰি গুৱাহাটী মহানগৰীকো জাকত-জিলিকা কৰি তোলা হৈছে।


ভাৰতবৰ্ষৰ অধ্যক্ষতাত জি-২০ সন্মিলন সফলভাৱে অনুষ্ঠিত হ’লৈ কূটনৈতিক ক্ষেত্ৰখনত ভাৰতবৰ্ষ যথেষ্ট শক্তিশালী হৈউঠিব। ইয়াৰ ফলত সঘনাই চৰ্চাত থকা উত্তৰ-পূৰ্বাঞ্চলৰ সীমাকেন্দ্ৰিক সংঘাতৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থিতি যথেষ্ট শক্তিশালী হৈ পৰিব।সমাগত জি-২০ সন্মিলনৰ সফল আয়োজনৰ বাবে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ সম্পূৰ্ণ ৰূপে সাজু।


এইক্ষেত্ৰত ৰাজ্যিক বিজেপিয়ে অসম চৰকাৰক সহায়-সহযোগিতা আগবঢ়াবলৈ ৰাজ্যৰ জনসাধাৰণৰ লগতে সংবাদ মাধ্যমক আহ্বানজনায়। সংবাদ মেলত উপস্থিত থাকি ৰাজ্যিক সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে কয়, অসমত অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলনৰ প্ৰস্তুতিৰ হেতু অসম চৰকাৰৰ সহযোগিতা আগবঢ়াবৰ বাবে ৰাজ্যিক বিজেপিয়ে দলৰ বিষয়ববীয়া তথা সাংসদ, মুখপাত্ৰসকলক সাঙুৰি তিনিখনকৈ সমিতি গঠন কৰিছে।

শেহতীয়া বাতৰি