মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam BJP: কোনোবাই ক'লেই বিজেপিৰ জিলা সভাপতি সলনি নহয়, ভৱেশ কলিতাৰ স্পষ্ট বাৰ্তা ...

Assam BJP: কোনোবাই ক'লেই বিজেপিৰ জিলা সভাপতি সলনি নহয়, ভৱেশ কলিতাৰ স্পষ্ট বাৰ্তা ...

অনুশাসনহীন হৈছে নেকি বিজেপি? এটিট্যুড সলনি কৰাৰ প্ৰয়োজনীয়তা আহিছে নেকি একাংশৰ? শ্ব'কজৰ সন্মুখীন যোৰহাটৰ তিনি বিষয়ববীয়া

অনুশাসনহীন হৈছে নেকি বিজেপি? এটিট্যুড সলনি কৰাৰ প্ৰয়োজনীয়তা আহিছে নেকি একাংশৰ? শ্ব'কজৰ সন্মুখীন যোৰহাটৰ তিনি বিষয়ববীয়া

অনুশাসনহীন হৈছে নেকি বিজেপি? এটিট্যুড সলনি কৰাৰ প্ৰয়োজনীয়তা আহিছে নেকি একাংশৰ? শ্ব'কজৰ সন্মুখীন যোৰহাটৰ তিনি বিষয়ববীয়া

  • Share this:
কোনোবাই ক'লেই জিলা সভাপতি সলনি নহয়, ভৱেশ কলিতাৰ স্পষ্ট বাৰ্তা !  অনুশাসনহীন হৈছে নেকি বিজেপি ?এটিট্যুড সলনি কৰাৰ প্ৰয়োজনীয়তা আহিছে নেকি একাংশৰ ? শ্ব'কজৰ সন্মুখীন যোৰহাটৰ তিনি বিষয়ববীয়া।

অনুশাসনৰ বাবে জনাজাত বিজেপিত যেন এতিয়া চৰম অনুশাসনহীনতা ৷ ইখনৰ পিছত সিখন জিলা বিজেপিত সভাপতিৰ বিৰুদ্ধে আহিছে অনাস্থা ৷ কিয় বিজেপিৰ এইসমূহ জিলাত হঠাতে সৃষ্টি হৈছে খাম-খেয়ালি, আহিছে অনাস্থা? বিজেপি মানেই জনসংঘৰ দিনৰে পৰা আদৰ্শৰ পৰা পথভ্ৰষ্ট নোহোৱা এটা দল বুলিয়েই সৰ্বজনবিদিত ৷ বিজেপিৰ আদৰ্শৰ অন্যতম ভেটি অনুশাসন ৷ পিছে অসম বিজেপিত যেন এতিয়া চলিছে চৰম অনুশাসনহীনতা ৷ শেহতীয়াকৈ বঙাইগাঁৱত জিলা সভাপতি হিমানী অধিকাৰীৰ বিৰুদ্ধে, হোজাইত অনুপ দেবৰ বিৰুদ্ধে, যোৰহাটত হেমন্ত কলিতাৰ বিৰুদ্ধে আৰু গোৱালপাৰাত ভৃগু ৰঞ্জন ৰাভাৰ বিৰুদ্ধে হঠাৎ আহিছে অনাস্থা ৷ নলবাৰী জিলা বিজেপিতো যুৱ মৰ্চাৰ সভাপতিয়ে সভাপতি মৃগাংক তালুকদাৰৰ বিৰুদ্ধে দিছিল ফেচবুক পোষ্ট ৷ শেহতীয়াকৈ যোৰহাট বিজেপিৰ এটা দুৰ্বাদল কাজিয়াৰ ভিডিঅ' ৰাজহুৱা কৰা আৰু সংবাদ মাধ্যমত বক্তব্য ৰখাৰ বাবে দলীয় নেতৃত্বৰ শ্ব'কজৰ সন্মুখীন হৈছে জিলা উপসভাপতি কুমুদ কছাৰীলৈ শ্ব'কজ, শ্ব'কজ ঈশ্বৰ প্ৰসন্ন বৰদলৈ, বনী শইকীয়াকো ৷ "ভিতৰত কিবা ঘটেই ৷ ঘৰ এখনতো ঘটে ৷ ভিতৰত কিবা ঘটিলে ৰেকৰ্ডিং কৰাৰ অধিকাৰ কাৰো নাই ৷ যোৰহাটৰ তিনি গৰাকী বিষয়ববীয়াক আমি শ্ব'কজ কৰিছোঁ ৷"— ভৱেশ কলিতাই কয়। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মতে, "বিজেপি কৰিবলৈ হ'লে মানিব লাগিব দলীয় শৃংখলা ৷ কিছু নতুন কাৰ্যকৰ্তাই নাজানি কিছুমান কাম কৰিছে ৷ একাংশই সলনি কৰিব লাগিব এটিট্যুড ৷"
২০২৪ৰ লোকসভা নিৰ্বাচন নোহোৱা পৰ্যন্ত এনে দুই এক ঘটনা হৈ থাকিব বুলি কৈ সভাপতি ভৱেশ কলিতাই লগতে ক'লে, "জিলা সভাপতিৰ নিৰ্দেশ মানিবই লাগিব ৷ কোনোবাই ক'লেই সলনি নহয় জিলা সভাপতি ৷"এই বক্তব্যৰ যোগেদি জিলা জিলাই সভাপতি হটাও অভিযানত হাত উজান দিয়া সকলক স্পষ্ট বাৰ্তা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৷

শেহতীয়া বাতৰি