হঠাৎ বাতিল হ’ল কেবিনেট বৈঠক। অজ্ঞাত কাৰণত কেবিনেট বৈঠক বাতিল।
হঠাৎ বাতিল হ’ল কেবিনেট বৈঠক। অজ্ঞাত কাৰণত কেবিনেট বৈঠক বাতিল।
‘আমি ৰাইজৰ মতক সন্মান জনাব লাগিব।’ চতীয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত ২৫ গৰাকী বিজেপি বিধায়কৰ দলে সাক্ষাত্ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ বাসগৃহ অভিমুখে ৰাওনা হৈছে বিধায়কৰ দল।
ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। তাৰ মাজতেই আহিছে ৰাজ্যৰ ৰাজনীতিৰ এক ডাঙৰ খবৰ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাইজৰ মতক সন্মান জনাই আটাইকেইজন বিধায়ক একত্ৰিত হৈছে বুলি জানিব পৰা গৈছে। প্ৰথমে বিধায়ক প্ৰসান্ত ফুকনৰ বাসগৃহত বিধায়কৰ দলটো আলোচনাত মিলিত হৈ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহলৈ ৰাওনা হৈছে উজনি অসমৰ বিধায়ক কেইজন।
যদিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাসে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসম বাসীয়ে কৰা প্ৰতিবাদক অন্য ৰূপ দিয়াৰ চেষ্টা কৰি থকাৰ মাজতে ২৫ গৰাকী বিজেপি বিধায়কে লৰালৰিকৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবলৈ ৰাওনা হৈছে।
মুখ্যমন্ত্ৰীক সাক্ষাৎকাৰৰ বাবে গৈছে বিধায়ক অশোক সিংহল, প্ৰশান্ত ফুকন, সুৰেন ফুকন, পদ্ম হাজৰিকা, চক্ৰ গগৈ, ৰূপক শৰ্মাকে ধৰি মুঠ ২৫গৰাকী বিধায়ক। CAA বিৰোধী আন্দোলনত দলে বা বিধায়কসকলে কি ব্যৱস্থা গ্ৰহণ কৰিব? সেই লৈ মুখ্যমন্ত্ৰীৰে কৰিব আলোচনা ৷
ইফালে ৰাজ্য চৰকাৰে বাতিল কৰিলে কেবিনেট বৈঠক। বিয়লি ৫ বজাত হোৱাৰ কথা আছিল বৈঠক।অজ্ঞাত কাৰণত বাতিল কৰা হ’ল কেবিনেট বৈঠক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|