• Home
  • »
  • News
  • »
  • assam
  • »
  • ঝাৰখণ্ডৰ বিধায়কৰ পৰা নগদ জব্দৰ ঘটনাত জড়িত অসমৰ ব্যৱসায়ী! চিআইডিয়ে জাৰি কৰিলে চমন

ঝাৰখণ্ডৰ বিধায়কৰ পৰা নগদ জব্দৰ ঘটনাত জড়িত অসমৰ ব্যৱসায়ী! চিআইডিয়ে জাৰি কৰিলে চমন

Ashok Dhanuka's residence. (News18)

Ashok Dhanuka's residence. (News18)

ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক ইৰফান আনছাৰী, ৰাজেশ কচ্চপ আৰু নমন বিশাল কংগাৰীক পশ্চিম বংগ আৰক্ষীয়ে ৪৯ লাখ নগদ ধনসহ গ্ৰেপ্তাৰ কৰিছিল।

  • Share this:
ঝাৰখণ্ডৰ বিধায়কৰ পৰা নগদ ধন জব্দ হোৱা ঘটনাক লৈ অসমৰ এজন ব্যৱসায়ীলৈ চমন জাৰি কৰিছে চিআইডিয়ে। ব্যৱসায়ী অশোক ধনুকাক আজি পুৱা কলকাতাত উপস্থিত হোৱাৰ নিৰ্দেশ দিছে তদন্তকাৰী সংস্থাটোৱে। উল্লেখযোগ্য যে ঝাৰখণ্ডৰ কংগ্ৰেছ বিধায়ক ইৰফান আনছাৰী, ৰাজেশ কচ্চপ আৰু নমন বিশাল কংগাৰীক পশ্চিম বংগ আৰক্ষীয়ে ৪৯ লাখ নগদ ধনসহ গ্ৰেপ্তাৰ কৰিছিল।

চিআইডিৰ মতে, ধনুকাৰ গুৱাহাটীস্থিত ঘৰত চমন জাৰি কৰিবলৈ অহাৰ সময়ত অসম আৰক্ষীক পহৰা দি থকা দেখিছিল। সূত্ৰ অনুসৰি, তাৰ পিছতে পশ্চিম বংগ আৰক্ষীয়ে স্থানীয় আৰক্ষী থানাত উপস্থিত হৈ জ্যেষ্ঠ বিষয়াক সাক্ষাৎ কৰে আৰু জাননী প্ৰদান কৰিবলৈ ব্যৱসায়ীজনৰ ঘৰলৈ ৰাওনা হয়। ঘৰত কোনো নথকাত দেৱালত লগাই দিয়া হয় জাননী।

সূত্ৰই জনোৱা মতে, ঝাৰখণ্ডৰ বিধায়ক তিনিজনে দুবাৰকৈ গুৱাহাটী ভ্ৰমণ কৰিছিল। ইফালে, ঝাৰখণ্ডৰ আন এজন বিধায়ক অনুপ সিঙে তিনিওজন বিধায়কে তেওঁক উৎকোচ যঁচাৰ দাবী কৰাৰ লগতে ইয়াৰ আঁৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থকাৰ অভিযোগ উত্থাপন কৰে।

উল্লেখযোগ্য যে মন্ত্ৰী পীযূষ হাজৰিকাই অনুপ সিঙে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ ফটো টুইটাৰত শ্বেয়াৰ কৰিছিল। ইফালে, তৃণমূল কংগ্ৰেছে কৈছে যে বিজেপিয়ে ঝাৰখণ্ডত চৰকাৰ পতন ঘটোৱাৰ চেষ্টা কৰিছে আৰু ইয়াৰ আঁৰত ড০ শৰ্মাৰ হাত আছে।
Published by:Sanjay Kumar Das
First published: