অসমৰ বিহু নৃত্যক বিকৃত ৰূপত উপস্থাপন কৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে৷ বৃহস্পতিবাৰে ভাৰত চৰকাৰৰ উদ্যোগত নতুন দিল্লীত আয়োজিত ফিট ইণ্ডিয়া কাৰ্যসূচীত অসমীয়া সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন কৰা হৈছিল।
অসমৰ ৰঙালী বিহুৰ লগত সম্পৰ্ক নথকা ঢোল আৰু বিহু নৃত্য আৰু বিহুৱতীৰ পোছাক বিকৃত ৰূপত পৰিবেশন কৰি অসমীয়া সংস্কৃতিক অপমান কৰিছিল৷
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এইদৰে বিহুক বিকৃত ৰূপত পৰিৱেশন কৰাক লৈ নাজিৰাত প্ৰতিবাদ সাব্যস্ত কৰিছে বিহু সুৰক্ষা সমিতি, অসম, শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াসকলে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|