মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰাজ্যৰ চাৰিফালে বিহু নৃত্য পৰিৱেশনেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে জোৰদাৰ প্ৰস্তুতি ...

ৰাজ্যৰ চাৰিফালে বিহু নৃত্য পৰিৱেশনেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে জোৰদাৰ প্ৰস্তুতি ...

দহ হাজাৰ বিহুৱা-বিহুৱতীৰ একত্ৰ বিহু নৃত্য পৰিবেশনেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে প্ৰস্তুতি জোৰদাৰ কৰি তুলিছে ৰাজ্য চৰকাৰে। নগাঁও-হোজাইত বিহুনৃত্যৰ আখৰা শিবিৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

দহ হাজাৰ বিহুৱা-বিহুৱতীৰ একত্ৰ বিহু নৃত্য পৰিবেশনেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে প্ৰস্তুতি জোৰদাৰ কৰি তুলিছে ৰাজ্য চৰকাৰে। নগাঁও-হোজাইত বিহুনৃত্যৰ আখৰা শিবিৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

দহ হাজাৰ বিহুৱা-বিহুৱতীৰ একত্ৰ বিহু নৃত্য পৰিবেশনেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে প্ৰস্তুতি জোৰদাৰ কৰি তুলিছে ৰাজ্য চৰকাৰে। নগাঁও-হোজাইত বিহুনৃত্যৰ আখৰা শিবিৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

  • Share this:
দহ হাজাৰ বিহুৱা-বিহুৱতীৰ একত্ৰ বিহু নৃত্য পৰিবেশনেৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে প্ৰস্তুতি জোৰদাৰ কৰি তুলিছে ৰাজ্য চৰকাৰে। অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গীণিজ বুক ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি লাভৰ লক্ষ্যৰে জিলাই জিলাই অনুষ্ঠিত কৰা হৈছে বিহুনৃত্যৰ আখৰা শিবিৰ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি অবিভক্ত নগাঁও জিলাৰ চাৰিটা স্থানত বিশ্ব অভিলেখৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ অংশ হিচাপে প্ৰশাসনৰ তত্বাৱধানত আয়োজিত বিহু আখৰা শিবিৰ পৰিদৰ্শন কৰে। মন্ত্ৰী মহন্তই কলিয়াবৰ, পুৰণিগুডাম, হোজাই আৰু নগাঁও সদৰত চলি থকা বিহুনৃত্যৰ আখৰা শিবিৰত উপস্থিত হৈ অহা ১৪ এপ্ৰিলৰ সৰুসজাইৰ মূল কাৰ্যসূচীৰ বাবে অবিভক্ত নগাঁও জিলাত চলি থকা বিহুৱা-বিহুৱতীৰ অনুশীলন পৰ্যবেক্ষণ কৰে৷ বৃহস্পতিবাৰে আগবেলা মন্ত্ৰীগৰাকীয়ে প্ৰথমে কলিয়াবৰৰ হাটবৰত বিহু আখৰা পৰিদৰ্শন কৰে। হাটবৰৰ বিহু আখৰা পৰিদৰ্শনত মন্ত্ৰীগৰাকীৰ সৈতে কলিয়াবৰৰ মহকুমাধিপতি পবিত্ৰ কুমাৰ দাস, নিৰ্বাচনী বিষয়া ড° ভূপালী কাশ্যপ আৰু কাৰ্যবাহী দণ্ডাধীশ তৃষ্ণা নিপুণো উপস্থিত থাকে। পাছত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে পুৰণিগুডামৰ ড° ভৱেন্দ্ৰনাথ শইকীয়া প্ৰেক্ষাগৃহত বিহু আখৰা নিৰীক্ষণ কৰাৰ সময়ত নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত দেৱাহুতি বৰা, হোজাইৰ কছাৰী ময়দানৰ আখৰা শিবিৰত হোজাই মহকুমাৰ প্ৰশাসনিক মূৰব্বীৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত লাচিত কুমাৰ দাস আৰু  নগাঁও সদৰৰ আৰক্ষী প্ৰেক্ষাগৃহৰ বিহু আখৰা শিবিৰত নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে, নিৰ্বাচনী বিষয়া গায়ত্ৰী শৰ্মা, কাৰ্যবাহী দণ্ডাধীশ যুতিকা কুমাৰীয়ে মন্ত্ৰীগৰাকীক সহযোগ কৰে। আজি বিহুৰ অনুশীলন পৰিদৰ্শন কালত চাৰিওটা আখৰা শিবিৰতে মন্ত্ৰী মহন্তই আখৰাত ভাগ লোৱা বিহুৱা-বিহুৱতীসকলৰ লগতে প্ৰশিক্ষক-প্ৰশিক্ষিকা আৰু শিবিৰৰ দায়িত্বত থকা বিষয়া-বিহুসংগঠকসকলৰ সৈতেও মতবিনিময় কৰি শিবিৰ পৰিচালনাৰ ক্ষেত্ৰত কোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি, সেই বিষয়েও খবৰ কৰে। অবিভক্ত নগাঁও-হোজাই জিলাক প্ৰতিনিধিত্ব কৰি সৰুসজাইৰ মূল অনুষ্ঠানত অংশগ্ৰহণৰ বাবে প্ৰশিক্ষণ লৈ থকা বিহুৱা-বিহুৱতীসকলক শুভেচ্ছা জনোৱাৰ লগতে উৎসাহ যোগায় মন্ত্ৰীগৰাকীয়ে। আখৰা পৰ্যবেক্ষণকালত মন্ত্ৰী মহন্তই কয়, 'আমাৰ আদৰৰ বিহুটিয়ে এইবেলি জগত সভাত স্থায়ী পৰিচিতি লাভ কৰাকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত অসম চৰকাৰে মহত্বপূৰ্ণ পদক্ষেপ লৈছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সুনাম বৃদ্ধি হোৱাকৈ অহা ১৪ এপ্ৰিলত সৰুসজাইত আয়োজিত সুবিশাল বিহুনৃত্য পৰিৱেশন কাৰ্যসূচীক সম্পূৰ্ণ সফল কৰি তোলাত অবিভক্ত নগাঁও-হোজাই জিলাৰ বিহুৱা-বিহুৱতীসকলেও পূৰ্ণোদ্যমেৰে আত্মনিয়োগ কৰিব বুলি আমি আশা কৰিছো৷' উল্লেখ্য যে যোৱা ২৭ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈ ৰাজ্যৰ প্ৰতিখন জিলাতে একাধিক শিবিৰ আয়োজন কৰি বিহুনৃত্য প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। জিলা পৰ্যায়ৰ প্ৰশিক্ষণৰ অন্তত অহা ৮, ৯, ১০, ১১ আৰু ১২ এপ্ৰিলত জিলাসমূহৰ বিহুৱা-বিহুৱতীসকলক সৰুসজাই ষ্টেডিয়ামত একত্ৰিত কৰি ৰাজ্যিক ভিত্তিত অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ তথা আখৰা অনুষ্ঠিত কৰা হ’ব ৷

শেহতীয়া বাতৰি