চলিত পঞ্চদশ অসম বিধান সভাই শনিবাৰে এবছৰ সম্পূৰ্ণ কৰিলে। বিগত এটা বছৰ কোনো অসুবিধা নহোৱাকৈ অতিবাহিত হ'ল বুলি কয় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
চলিত পঞ্চদশ অসম বিধান সভাই শনিবাৰে এবছৰ সম্পূৰ্ণ কৰিলে। বিগত এটা বছৰ কোনো অসুবিধা নহোৱাকৈ অতিবাহিত হ'ল বুলি কয় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।
চলিত পঞ্চদশ অসম বিধান সভাই শনিবাৰে এবছৰ সম্পূৰ্ণ কৰিলে। বিগত এটা বছৰ কোনো অসুবিধা নহোৱাকৈ অতিবাহিত হ'ল বুলি কয় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। বিগত এবছৰত ৫৮ খন বিধেয়ক পাৰিত হৈছে বিধান সভাৰ মজিয়াত।
অধ্যক্ষই জনোৱা মতে নতুন তথ্য প্ৰযুক্তিৰ মাজেৰে আগবাঢ়িছে অসম বিধান সভা। শেহতীয়াকৈ অনুষ্ঠিত হোৱা CPA সভা অসম বিধান সভাৰ বাবে এক বৃহৎ সফলতা। E - বিধানৰ ওপৰত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। ডিজিটেল পাছৰ ব্যৱস্থা কৰা অসম বিধান সভাই ছিকিউৰিটি চেকিং এতিয়াৰে পৰা ডিজিটেল মাধ্যমেৰে কৰিব। ডিজিটেল ফায়াৰ এলাৰ্মৰ ব্যৱস্থা কৰিছে। বিধান সভা প্ৰকল্পত মেডিকেল "স্বাস্থ্য কেন্দ্ৰ" স্থাপন কৰাৰ লগতে বিধান সভা প্ৰকল্পত ক্লাৱ হাউছ জীম নিৰ্মাণ কৰিছে। বিগত এবছৰত ছয়খন বেটেৰী গাড়ী "গল্ফ কাৰ্ট" ক্ৰয় কৰিছে আৰু ক্ৰয় কৰিব বুলি জানিবলৈ দিয়ে। অসম বিধান সভা সৰ্ব সাধাৰণ লোকেও এতিয়াৰ পৰা প্ৰত্যক্ষ কৰিব পাৰিব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|