বিশ্ব দৰবাৰত জিলিকিল মহাবীৰ লাচিত বৰফুকন। অসম চৰকাৰে গঢ়িলে গীনিজ বিশ্ব অভিলেখ। আজি জনতা ভৱনত এই উপলক্ষে অনুষ্ঠিত হয় প্ৰমাণ পত্ৰ প্ৰদান অনুষ্ঠান।
অনুষ্ঠানত অংশগ্ৰহণ কৰে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰতিনিধিয়েও। উল্লেখ্য, বীৰ লাচিতৰ ৪০০ বছৰীয়া জয়ন্তীত সৰ্বাধিক হাতেলিখা টোকাৰ অনলাইন ফটো এলবামৰ বাবে এই অভিলেখৰ গৰাকী হয় ৰাজ্য চৰকাৰ। লাচিত বৰফুকন (Lachit Borphukan)ৰ জয়ন্তীত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা ৰচনা প্ৰতিযোগিতাত ৪২ লাখ ৯৪ হাজাৰ ৩৫০খন ৰচনাৰ ফটো আপলোড কৰা হৈছিল।
এই ৰচনা অসমীয়া ভাষাত লিখা হৈছিল ৩৫ লাখ ৯০ লাখ ৯১৮ খন, ইংৰাজীত লিখা হৈছিল ৪ লাখ ৫ হাজাৰ ৬১৭ খন, বাংলা ভাষাত ২ লাখ ৪৭ হাজাৰ ৭৩৩ খন, বড়ো ভাষাত ১ লাখ ২০ হাজাৰ ৪১৭ খন আৰু হিন্দীত লিখা হৈছিল ৩২ হাজাৰ ৪৬৩ খন।
আজি জনতা ভৱনত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ই এই কাৰ্যত আনন্দ প্ৰকাশ কৰে আৰু ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : March 09, 2023, 14:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।