உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নতুন SOP অনুসৰি সত্ৰনগৰী বৰপেটাৰ কীৰ্তনঘৰ মুকলি ! আজিৰেপৰা মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন মহোৎসৱ আৰম্ভ...

    নতুন SOP অনুসৰি সত্ৰনগৰী বৰপেটাৰ কীৰ্তনঘৰ মুকলি ! আজিৰেপৰা মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন মহোৎসৱ আৰম্ভ...

    নতুন SOP অনুসৰি বৰপেটা সত্ৰৰ কীৰ্তনঘৰ মুকলি। আজিৰেপৰা মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন মহোৎসৱ আৰম্ভ। দীৰ্ঘ দিনৰ বিৰতিত কৃষ্ণ নাম আৰু হৰিনাম ধ্বনিৰে মুখৰিত সত্ৰনগৰী বৰপেটা ৷

    • Share this:
    দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ ধৰ্মীয় অনুষ্ঠান, সত্ৰ, নামঘৰ, দ'ল-দেৱালয়সমুহৰ দুৱাৰ আজি আংশিকভাৱে মুকলি হৈ পৰিছে ৷ ক'ৰোণাক লৈ ৰাজ্য চৰকাৰে জাৰি কৰা নতুন SOP অনুসৰি আজিৰেপৰা আংশিকভাৱে মুকলি কৰা হৈছে বৰপেটা সত্ৰৰ কীৰ্তনঘৰৰ মূল দুৱাৰ ৷

    পৱিত্ৰ ভাদ মাহৰ প্ৰথম দিনটোতেই সত্ৰৰ সিমিত সংখ্যক ভকতৰ বাবে মুকলি হৈ পৰা মহাপুৰুষ মাধৱদেৱ স্থাপিত তিনিও ৰাজ্যৰ বন্দনীয় স্থান বৰপেটা সত্ৰ মুখৰিত হৈ পৰিল হৰিনাম ধ্বনিৰে ৷ ইপিনে সত্ৰীয়া ৰীতি পৰম্পৰা অনুসৰি মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ উপলক্ষে আজিৰেপৰা ক'ভিড নীতি অনুসৰি সীমিত সংখ্যক ভকতৰ অংশগ্ৰহণেৰে বৰপেটা সত্ৰত আৰম্ভ হৈছে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ কীৰ্তন মহোৎসৱ ৷ সত্ৰীয়া ৰীতি অনুসৰি আজি সত্ৰৰ গায়ন, বায়ন, ঘোষা কীৰ্তনীয়া, ব্যাস কীৰ্তনীয়া আৰু নাম কীৰ্তনীয়াই তাল ভংগ নকৰাকৈ হৰিনাম কীৰ্তনক আগস্থান দি কীৰ্তন মহোৎসৱ অনুষ্ঠিত কৰে ৷ এইদৰে তালভংগ নকৰাকৈ দহদিন ধৰি কীৰ্তনত ভাগ লোৱাৰ বাবেই মাধৱদেৱ মহাপুৰুষৰ তিৰোভাৱ তিথি মহোৎসৱক বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ বুলি কোৱা হয় ৷ যিহেতু দৰ্শনাৰ্থীৰ বাবে সত্ৰৰ দুৱাৰ মুকলি কৰি দিয়া নাই সেয়ে সীমিত সংখ্যক ভকত আৰু বংশৰাসকলৰ লগতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা আৰু সত্ৰৰ একাংশ ভকতে কীৰ্তনঘৰত অনুষ্ঠিত প্ৰসংগত ভাগ লয় ৷ উল্লেখ্য যে দহদিনীয়া কাৰ্যসূচীৰে পালন কৰা মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ২৭ আগষ্টত গুৰুজনাৰ তিৰোভাৱ তিথিৰ মূল অনুষ্ঠান পালন কৰা হব ৷
    Published by:Kokil Sarma
    First published: