ৰাজ্যত বন্ধ হ’ব বাৰ–পাব, কিন্তু কেতিয়ালৈকে?

News18 Assam | News18-Assam
Updated:March 18, 2020, 5:42 PM IST
ৰাজ্যত বন্ধ হ’ব বাৰ–পাব, কিন্তু কেতিয়ালৈকে?

  • Share this:
ৰাজ্যত বন্ধ হ’ব বাৰ-পাব। অতিশীঘ্ৰে কাৰ্যকৰী কৰিবলৈ ৰাজ্যৰ আবকাৰী বিভাগে জাৰি কৰিছে জাননী। প্ৰতিখন জিলাৰ আবকাৰী বিষয়া আৰু উপায়ুক্তলৈ জাননী জাৰি কৰি এই নিৰ্দেশ দিছে বিভাগটোৱে। অহা ৩১ মাৰ্চ পৰ্যন্ত বন্ধ থাকিব ৰাজ্যৰ প্ৰতিখন জিলাত থকা বাৰসমূহ।



যিহেতু ক’ৰোণা ভাইৰাছৰ ভয়াৱহতালৈ লক্ষ্য কৰি ৰাজ্য চৰকাৰে ৰাজহুৱা স্থানত ভিৰ কৰাত বাধা আৰূপ কৰিছে। তাৰ পৰিপ্ৰেক্ষিততে আবকাৰী বিভাগে এই সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।
Published by: Himangshu Bhuyan
First published: March 18, 2020, 5:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি