বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আজি ১১ ঘণ্টীয়া উত্তৰ–পূৰ্বাঞ্চল বন্ধৰ আহ্বান জনাইছে নেছ’ৱে। নেছ’ৰ বন্ধলৈ পূৰ্ণ সমৰ্থন AJYCP, KMSSকে ধৰি কেইবাটাও সংগঠনৰ। বন্ধৰ ফলত ঠায়ে ঠায়ে ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে।
পুৱাৰে পৰা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰিছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন স্থানত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছে বন্ধ সমৰ্থনকাৰীয়ে।
ঠায়ে ঠায়ে বন্ধ সমৰ্থকসকলে উলিয়াইছে প্ৰতিবাদী সমদল, বাইক ৰেলী। উজনি–নামি সকলোতে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। সকলো ধৰণৰ যান–বাহনৰ চলাচল বন্ধ থকাৰ লগতে বন্ধ আছে দোকান–পোহাৰো।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : December 10, 2019, 10:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|