বুলডজাৰ লগাই প্ৰশাসনে উচ্ছেদ কৰিলে বাক্সা-বৰপেটাৰ গোৱৰ্দ্ধনা বজাৰত থকা ৫৫ খনকৈ সৰু বৰ দোকান।
বুলডজাৰ লগাই প্ৰশাসনে উচ্ছেদ কৰিলে বাক্সা-বৰপেটাৰ গোৱৰ্দ্ধনা বজাৰত থকা ৫৫ খনকৈ সৰু বৰ দোকান।
মানাহ সংযোগী পথৰ গোৱৰ্দ্ধনাত প্ৰশাসনৰ উচ্ছেদ অভিযান৷ বুলডজাৰ লগাই প্ৰশাসনে উচ্ছেদ কৰিলে বাক্সা-বৰপেটা জিলা সীমাত থকা গোৱৰ্দ্ধনা বজাৰত থকা ৫৫ খনকৈ সৰু বৰ দোকান৷ গোৱৰ্দ্ধনাত স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ চৌহদত বছৰ বছৰ ধৰি অবৈধভাবে দখল কৰি থকা দোকান পোহাৰত চলায় এই উচ্ছেদ অভিযান৷
মানাহ ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথৰ গোৱৰ্দ্ধনাত থকা ৫৫ খনকৈ দোকানক এমাহ পূৰ্বে উচ্ছেদৰ জাননী জাৰি কৰিছিল বৰনগৰ চক্ৰ বিষয়া পাৰ্থ প্ৰতীম খনিকৰে৷ আজি পুৱাৰেপৰা আৰক্ষী-চিআৰপিএফ বাহিনীৰ সহযোগত চলে উচ্ছেদ অভিযান৷ উচ্ছেদিতৰ অভিযোগ-প্ৰশাসনে একপক্ষীয়ভাৱে চলাইছে আজিৰ উচ্ছেদ অভিযান৷ প্ৰশাসনে মানাহ সংযোগী পথৰ দুয়োকাষৰ দোকান উচ্ছেদ কৰিব লাগিছিল যদিও কেৱল এটা অংশহে উচ্ছেদ কৰাত ক্ষোভ প্ৰকাশ উচ্ছেদিতৰ৷ উচ্ছেদিতৰ অভিযোগ,স্বাস্থ্য কেন্দ্ৰৰ চৌহদৰ বাহিৰত থকা দোকান পোহাৰতো কোনো ৰাজনৈতিক ব্যক্তিৰ স্বাৰ্থত চলাইছে উচ্ছেদ অভিযান৷ উচ্ছেদৰ জাননীত মানাহৰোড ভূমিত একাংশই বেদখল কৰি দোকান পোহাৰ চলাই থকা বুলি উল্লেখ কৰিছিল প্ৰশাসনে৷
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|