শিলচৰত জন্ম পালে এটি ৫.২ কিলোগ্ৰাম ওজনৰ কেঁচুৱা। ওজনৰ দিশৰ পৰা এই কেঁচুৱাটিয়ে ৰাজ্যত অভিলেখ সৃষ্টি কৰা বুলি উল্লেখ কৰিছে চিকিৎসকে। শিলচৰৰ সতীন্দ্ৰমোহন দেৱ অসামৰিক হাস্পতালত জন্মলাভ কৰা কেঁচুৱাটোৰ ওজন ৫.২ কিলোগ্ৰামলৈ বৃদ্ধি কেনেদৰে পালে কেনেকৈ? এই সন্দৰ্ভত চিকিৎসক হানিফ আলম লস্কৰে কয় যে ওজন কিয় ইমান বৃদ্ধি হৈছে সেয়া জানিব পৰা হোৱা নাই যদিও কেঁচুৱাটোৰ প্ৰসৱ হৈছে নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ।
উল্লেখ্য, সাধাৰণ অৱস্থাত নৱজাতকৰ ওজন ২.৫ কিলোগ্ৰাম হয়। ইয়াৰ আগতে ৪ কিলোগ্ৰাম ওজনৰ কেঁচুৱা জন্মলাভ কৰিছিল যদিও এই নৱজাতকৰ ওজন অনন্য, যি ঘটনা অসমত আগতে কেতিয়াও ঘটা নাই বুলি দাবী কৰে হাস্পতালখনৰ চিকিৎসকে।
ডাঃ লস্কৰে লগতে উল্লেখ কৰে আন এক গুৰুত্বপূৰ্ণ কথা। ওজন বৃদ্ধিৰো কাৰণ হয়তো সেয়াই। ২৯ মে'ত সন্তান প্ৰসৱৰ দিন দিছিল চিকিৎসকে, কিন্তু কোভিডে পোৱাৰ ভয়ত ইমানদিনে ভৰ্তি হোৱা নাছিল হাস্পতালখনত। এনে কাৰণতে সন্তানটিৰ ওজন বৃদ্ধিৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে। সম্প্ৰতি মাক আৰু নৱজাতক কোনো অসুবিধা নোপোৱাকৈ কুশলে আছে। উল্লেখ্য, এই নৱজাতকটি জয়া দাস আৰু বাদল দাসৰ দ্বিতীয় সন্তান। তেওঁলোকৰ প্ৰথম সন্তানটিৰ জন্মৰ সময়ত ওজন আছিল ৩.৮ কিলোগ্ৰাম।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|