আপোনাৰ একাউণ্টৰ পৰা আত্মসাত্‍ কৰিব পাৰে কষ্টৰ ধন! বহিঃ ৰাজ্যৰ পৰা নিয়ন্ত্ৰিত হৈছে এ টি এম চুৰিৰ বৃহত্‍ নেটৱৰ্ক! পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

News18 Assam | News18-Assam
Updated:September 24, 2020, 8:43 PM IST
আপোনাৰ একাউণ্টৰ পৰা আত্মসাত্‍ কৰিব পাৰে কষ্টৰ ধন! বহিঃ ৰাজ্যৰ পৰা নিয়ন্ত্ৰিত হৈছে এ টি এম চুৰিৰ বৃহত্‍ নেটৱৰ্ক! পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
Source- Google

কোন এই কাছিম খান? 

  • News18 Assam
  • Last Updated: September 24, 2020, 8:43 PM IST
  • Share this:
হাৰিয়ানাৰ পৰা নিয়ন্ত্ৰিত হয় অসমৰ এ টি এম হেকাৰৰ সাম্ৰাজ্য। অসমৰ নগাঁও জিলাৰ জুৰীয়া, ৰূপহীহাট আৰু চামগুৰিৰ সংখ্যালঘূ অধ্যূষিত অঞ্চলৰ একাংশ অপৰাধীৰ সহায়ত এ টি এম চোৰৰ গেঙে ৰাজ্যখনত গোপনে চলাই আছে এ টি এম লুটৰ দৰে অপৰাধজনিত কাম-কাজ। এ টি এম চোৰৰ গেঙত আছে হোজাই জিলাৰো বহু কুখ্যাত অপৰাধী। আনহাতে অসমত এ টি এম চোৰৰ সাম্ৰাজ্যৰ মাষ্টাৰ মাইণ্ড হ'ল এগৰাকী কয়লা ব্যৱসায়ী। জানিব পৰা মতে, কাচিম খান নামৰ এগৰাকী কয়লা ব্যৱসায়ীয়ে বহিঃৰাজ্যৰ চোৰৰ সৈতে মিলিত হৈ চলাই আছে এই ব্যৱসায়।

কেনেকৈ পোহৰলৈ আহিল এই তথ্য?

সমগ্ৰ অসমতে এ টি এম চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰা চোৰে নগাঁৱৰো বহু এ টি এম লুটিছিল। যোৱা বছৰৰ শেষৰ ফালে আনকি এ টি এম চোৰে নগাঁও সদৰ আৰক্ষীৰ সন্মুখত থকা ভাৰতীয় ষ্টেট বেংকৰ এ টি এম লুটপাত কৰাৰো চেষ্টা কৰিছিল।

নগাঁৱত ক্ৰমাত্‍ বৃদ্ধি পোৱা এ টি এম চুৰিৰ দৰে ঘটনাৰ তদন্তকাৰী দলে হোজাই জিলাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দিলোৱাৰ হুছেইন আৰু আব্দুল ৰহমান নামৰ দুটা দুধৰ্ষ চোৰক। নগাঁও আৰক্ষীৰ জেৰাত এই দুই অপৰাধীয়ে স্বীকাৰ কৰে নগাঁও জুৰীয়াৰ চাহাবুদ্দিন নামৰ অপৰাধীটোৰ কথা। নগাঁও আৰক্ষীয়ে চাহাবুদ্দিনক বিচাৰি তেওঁৰ বাসগৃহত অভিযান চলাই যদিও আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বেই ঘৰৰ পৰা পলায়ন কৰে। অভিযানকাৰী আৰক্ষীৰ দলে চাহাবুদ্দিনৰ ঘৰৰ পৰা জব্দ কৰে এ টি এম চুৰিত ব্যৱহৃত গেছ চিলিণ্ডাৰ আৰু গেছ কাটাৰ।

কোন এই কাছিম খান? 

কাছিম খান! অসমৰ বিভিন্ন ঠাইত সংঘটিত এ টি এম লুটপাত কৰা কাছিম খান পেছাত কয়লা ব্যৱসায়ী। জনৈক ৰকিবুল নামৰ অসমৰ এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতেও সুসম্পৰ্ক এই কাছিম খানৰ। এই কাছিম খানেই নগাঁও জিলাৰ চামগুৰি, জুৰীয়া আৰু হোজাই জিলাৰ ডবকা, মোৰাঝাৰ আদি অঞ্চলৰ বহু কুখ্যাত অপৰাধীৰ সৈতে লগ হৈ অসমত চলাইছে এ টি এম চুৰিৰ এক বৃহৎ নেটৱৰ্ক।

এই কুখ্যাত গেঙটোৱে টাৰ্গেট কৰি লৈছে উজনি অসমৰ যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ চহৰসমূহত থকা বিভিন্ন এ টি এমক। নগাঁও আৰক্ষীৰ জালত এতিয়ালৈকে পুঠি-খলিহনা পৰিছে যদিও কাছিম খানৰ দৰে মূল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ নকৰালৈকে অসমৰ ৰাইজে এই অপৰাধী চক্ৰৰ সন্ত্ৰাসৰ পৰা কেতিয়াও মুক্ত হ'ব নোৱাৰিব।
Published by: Himangshu Bhuyan
First published: September 24, 2020, 8:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading