মুখ্যপৃষ্ঠা »খবৰ »অসম »দিলে ন’বেল বঁটাও ল’বলৈ সাজু ৰূপজ্যোতি কুৰ্মী! আৱিষ্কাৰ কৰিলে ব্ৰহ্মপুত্ৰ বহল হোৱাৰ সূত্ৰ!

দিলে ন’বেল বঁটাও ল’বলৈ সাজু ৰূপজ্যোতি কুৰ্মী! আৱিষ্কাৰ কৰিলে ব্ৰহ্মপুত্ৰ বহল হোৱাৰ সূত্ৰ!

উজনি অসমত ব্ৰহ্মপুত্ৰ বহল হোৱাৰ সূত্ৰ আৱিষ্কাৰ ৰূপজ্যোতি কুৰ্মীৰ। সমাধান স্বৰূপে চৰৰ পৰা সন্দেহজনক মানুহক আঁতৰাই দিবলৈ আহ্বান।

উজনি অসমত ব্ৰহ্মপুত্ৰ বহল হোৱাৰ সূত্ৰ আৱিষ্কাৰ ৰূপজ্যোতি কুৰ্মীৰ। সমাধান স্বৰূপে চৰৰ পৰা সন্দেহজনক মানুহক আঁতৰাই দিবলৈ আহ্বান।

  • Share this:
বিধানসভাৰ অধিৱেশনত শ্বেৰমান আলীক মূৰ্খ বুলি সম্বোধন বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। শুকুৰবাৰে শ্বেৰমান আলীয়ে ৰূপজ্যোতি কুৰ্মীক বহুৱা আখ্যা দিয়াৰ পিছত আজি শ্বেৰমানক মূৰ্খ বুলি সম্বোধন কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে।

উজনি অসমত ব্ৰহ্মপুত্ৰ বহল হোৱাৰ সূত্ৰ আৱিষ্কাৰ ৰূপজ্যোতি কুৰ্মীৰ। সমাধান স্বৰূপে চৰৰ পৰা সন্দেহজনক মানুহক আঁতৰাই দিবলৈ আহ্বান।

ইফালে, ৰূপজ্যোতি কুৰ্মীক লৈ ধিঙৰ বিধায়ক আমিনুল ইছলামে কয়, ৰূপজ্যোতি কুৰ্মীৰ মূৰত একো নথকাৰ বাবে এনেবোৰ কথা কৈছে। ৰূপজ্যোতিক ন'বেল বঁটা নহয়, মহা ন'বেল বঁটা দিব লাগেয। ৰূপজ্যোতি কুৰ্মীকে চৰকাৰে গৱেষণাৰ দায়িত্ব দিয়ক। বিশেষজ্ঞ বাহিৰৰ পৰা আনি ধন অপব্যয় কৰি লাভ নাই।

নোবেল বঁটা দিব লাগে বুলি কোৱা মন্তব্যৰ প্ৰতিক্রিয়া প্ৰকাশ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়, "ভাল বিষয় আৱিষ্কাৰ কৰাৰ বাবে মোক ন’বেল বঁটা দিলেও গ্ৰহণ কৰিম।"

আনহাতে, বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰূপজ্যোতি কুৰ্মীক সমালোচনা কৰি কয়, "কথাত কটা যায় কথাত বঁটা পায়। ৰূপজ্যোতিৰ কটা গৈছে। ৰূপজ্যোতি হাহিয়াতৰ পাত্ৰ হৈছে। এই ধৰণৰ মন্তব্য দি থাকিলে মৰিয়নীৰ ৰাইজে এদিন বিদায় দিব ৰূপজ্যোতিক। ৰূপজ্যোতিয়ে সেই বঁটালৈ অপেক্ষা কৰিলে হ'ল।"

আনহাতে, সংবাদ মাধ্যমৰ আগত ৰূপজ্যোতিয়ে কয়, ‘‘বিধানসভাত এনেদৰে হুলস্থুল হোৱা নাছিল পূৰ্বে। এয়া নজিৰবিহীন ঘটনা। মন্ত্ৰীয়ে চোৰ–ডকাইত সন্দৰ্ভত উত্তৰ দিবলৈ লওঁতেই হুলস্থুল কৰিলে অখিল গগৈয়ে। চোৰ–ডকাইতক সমৰ্থন কৰে বিৰোধী বিধায়কে। প্ৰতিজন বিৰোধী বিধায়কৰ বিৰুদ্ধে চোৰ-ডকাইত, জেহাদীক সমৰ্থন কৰাৰ বাবে CBIৰ তদন্তৰ দাবী ৰূপজ্যোতি কুৰ্মী। চোৰ–ডকাইতৰ সমৰ্থনকাৰী অসম বিধানসভাত আছে বুলি কয় ৰূপজ্যোতিয়ে। বিধানসভা চৌহদৰ পৰা বলেৰ' চুৰি সন্দৰ্ভত ৰূপজ্যোতিয়ে কয়, চুৰি ডকাইতৰ সমৰ্থনত থকা বিধায়ক জড়িত আছে।

শেহতীয়া বাতৰি