দ্বিতীয় দিনাও উত্তপ্ত অসম বিধানসভা৷ ৰাজহ বিভাগৰ কৰ্তন প্ৰস্তাৱত BJP চৰকাৰক সমালোচনা৷ ৰাজহ বিভাগৰ কৰ্তন প্ৰস্তাৱ আনি বিৰোধী কংগ্ৰেছে সমালোচনা কৰে শাসকীয় BJP চৰকাৰক৷
কংগ্ৰেছী বিধায়কৰ এনে আক্ৰমণত BJPৰ বিধায়ক চক্ৰধৰ গগৈয়ে নিজ ভাষণ উভতি ধৰে কংগ্ৰেছক৷ চক্ৰধৰ গগৈৰ দাবী- “কংগ্ৰেছৰ দিনৰ দুৰ্নীতি ধুই শেষ কৰিব পৰা নাই BJP চৰকাৰে৷ দুৰ্নীতি সহ্য নকৰে BJP চৰকাৰে৷”
ইয়াতেই লাগিল হুলস্থূল৷ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু জাকিৰ হুছেইন শিকদাৰে উভতি ধৰিলে চক্ৰধৰ গগৈক৷ সদনত লাগিল হুলস্থূল৷ কোনেও কাৰো কথা নুশুনাৰ পৰিৱেশ৷ ইয়াৰ মাজতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ক'লে- “মই অধ্যক্ষৰ জৰিয়তে বিৰোধী দলপতিক অনুৰোধ জনাও যে তেওঁ তেওঁৰ দলৰ সদস্যসকলক যেন নিয়ন্ত্ৰণ কৰে৷ নিয়ন্ত্ৰণ কৰি সদন শান্তিপূৰ্ণভাৱে চলাত যেন সহায় কৰে৷”
ইয়াৰ পিছত ৰূপজ্যোতি কুৰ্মীয়ে লাইকা-দধীয়াবাসীয়ে কৰি অহা প্ৰতিবাদক চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ তোলে৷ ৰূপজ্যোতি কুৰ্মীয়ে ক'লে- “মুখ্যমন্ত্ৰীয়ে নিজৰ সমষ্টিবাসীৰ দাবীক পূৰণ কৰিব পৰা নাই৷ কোচত সন্তান লৈ মাটিৰ পট্টাৰ
দাবীত প্ৰতিবাদ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিয়া নাই৷”
কিন্তু লাইকা-দধীয়াৰ কথা কোৱাৰ অধিকাৰ কংগ্ৰেছৰ নাই বুলি সদনত হুলস্থূলীয়া পৰিৱেশৰ সূচনা কৰে বিধায়ক বিমল বড়া আৰু ভূৱন পেগুৱে৷ সদন উপাধ্যক্ষই চলাই থকাৰ সময়ত উদ্ভৱ হোৱা পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ বাবে সদনত ততাতৈয়াকৈ উপস্থিত হ'বলগীয়া হয় অধ্যক্ষ৷ সদনত প্ৰৱেশ কৰিয়েই অধ্যক্ষই এই পৰিস্থিতিৰ বাবে নিজকে লজ্জিতবোধ কৰা বুলি মন্তব্য কৰি নিয়ন্ত্ৰণ কৰে সদন৷ অধ্যক্ষই ক'লে- “এনেদৰে সদন নচলে৷ সদনত আচাৰ-ব্যৱহাৰ ভাল কৰিব লাগে৷ ৰাইজে চাই আছে সকলো বিষয়৷ এজনে কথা ক'লে আনজনে ধৈৰ্য্য সহকাৰে শুনিব লাগে৷ আমাৰ পৰম্পৰাক আমি ৰাখিব লাগিব৷ শাসক-বিৰোধী সকলো সংযত হ'ব লাগিব৷”
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|