এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ নিৰ্বাচনত BTRৰ এলেকাধীন বাৰটা সমষ্টিক নিজৰ দখললৈ নিবলৈ ৰণনীতি প্ৰস্তুত কৰিছে প্ৰতিটো ৰাজনৈতিক দলে৷ BPFৰ দখলত থকা বাৰটা বিধানসভা সমষ্টিক নিজৰ দখললৈ নিবলৈ সাজু BJP-UPPL-GSPৰ মিত্ৰজোঁট৷ কিন্তু সম্ভৱ হ'বনে এই ৰণনীতি?
BTR চুক্তিৰ পিছত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPFৰ দখলত সোতৰটা বছৰে থকা বড়োভূমিৰ শাসনভাৰ নিজ দখললৈ নিছিল প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL-এ৷ UPPLক সহযোগ কৰিলে BJP আৰু সাংসদ নৱ কুমাৰ শৰণীয়া GSP–এ৷ ইয়াৰ পিছত এইবাৰ BPFৰ দখলত থকা বাৰটা বিধানসভা সমষ্টি নিজ দখললৈ নিবলৈ ৰণনীতি প্ৰস্তুত কৰিছে BTRত মিত্ৰতাত থকা BJP-UPPL-GSPৰ মিত্ৰজোঁটে৷ তিনিওটা দলে আসন্ন বিধানসভাৰ নিৰ্বাচনত বাৰটা সমষ্টিত আসন ভাগ-বতৰা কৰি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে৷
ইতিমধ্যে বাক্সাৰ দুটা আৰু চিৰাঙৰ দুটা, মুঠ চাৰিটা বিধানসভা সমষ্টিত নিৰ্বাচন খেলাৰ বাবে সাজু হৈছে নৱ কুমাৰ শৰণীয়াৰ GSP৷ এই কথা নৱ কুমাৰ শৰণীয়াই ৰাজহুৱাও কৰিছে৷
GSPক এৰি দিয়া চাৰিটা সমষ্টিৰ পিছত UPPL আৰু BJP–এ বাকী আঠটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব৷ কিন্তু BJP-UPPL-GSPৰ ৰণনীতিৰ দৰে নিজৰ দখলত দীৰ্ঘদিনে থকা বিধানসভাৰ সমষ্টি কেইটাত ক্ষমতা অটুত ৰাখিবলৈ বদ্ধপৰিকৰ BPF৷
ইতিমধ্যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে গোপনে আলোচনা চলাইছে BPF মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে! বড়োভূমিৰ বাহিৰৰ সমষ্টিসমূহত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীক BPF–এ সমৰ্থন দিবলৈ সাজু হৈছে৷ ইয়াৰ বিনিময়ত বড়োভূমিৰ বাৰটা বিধানসভাৰ সমষ্টিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে BPFক এৰি দিব লাগিব৷ এইক্ষেত্ৰত গোপনে চলা আলোচনাই বিশেষ গতি লাভ কৰিছে বুলি BPFৰ এক শীৰ্ষ সূত্ৰই সদৰি কৰিছে৷
অৱশ্যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে এই পৰ্যায়ৰ আনুষ্ঠানিকভাৱে কোনো কথা খুলি কোৱা নাই৷ কিন্তু এই বুজাবুজিৰ ভিত্তিতেই আগন্তুক এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত BPF–এ নিৰ্বাচন খেলিব৷ AJPৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত বুধবাৰে ক'লে- “BPFৰে মিত্ৰতাৰ সন্দৰ্ভত আমাৰ আলোচনা চলি আছে আৰু বিষয়টো যোগাত্মক দিশত আগবাঢ়িছে৷”
ইপিনে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা কৰিবলৈ বাৰম্বাৰ চেষ্টা কৰিও সফল নোহোৱা কংগ্ৰেছ-AIUDFএ বড়োভূমিৰ বাৰটা সমষ্টিত কেনেদৰে প্ৰতিদ্বন্দ্বিতা কৰিব সেয়া এতিয়াও অস্পষ্ট৷ কংগ্ৰেছ-AIUDFৰ মহাজোঁট বন্ধনে বড়োভূমিৰ সমষ্টি কেইটাত প্ৰতিদ্বন্দ্বিতা কৰিবনে নে BPFক এৰি দিব- সেয়া এই পৰ্যন্ত ঘোষণা কৰা নাই৷ কিন্তু খবৰ মতে BPFৰে কংগ্ৰেছ-AIUDFৰ আলোচনাও চলি আছে৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|