• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly: আজৱ কাণ্ড! বিজেপিৰ মহিলা প্ৰাৰ্থীক গাহৰি প্ৰদান কৰি ৰাইজে জনালে আদৰণি

Assam-Assembly: আজৱ কাণ্ড! বিজেপিৰ মহিলা প্ৰাৰ্থীক গাহৰি প্ৰদান কৰি ৰাইজে জনালে আদৰণি

সমাগত অসম বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে তীব্ৰতৰ কৰিছে প্ৰচাৰ অভিযান।

সমাগত অসম বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে তীব্ৰতৰ কৰিছে প্ৰচাৰ অভিযান।

সমাগত অসম বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে তীব্ৰতৰ কৰিছে প্ৰচাৰ অভিযান।

  • Share this:
সমাগত অসম বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে তীব্ৰতৰ কৰিছে প্ৰচাৰ অভিযান। ঠায়ে ঠায়ে প্ৰতিটো দলৰ মনোনীত প্ৰাৰ্থীসকলক আদৰণি জনাইছে দলীয় কৰ্মী সমৰ্থকে। তাৰ মাজতে এইবাৰ সংঘটিত হৈছে এক আজৱ ঘটনা।  এগৰাকী বিজেপি মহিলা প্ৰাৰ্থীক ৰাইজে গাহৰি প্ৰদান কৰি জনালে আদৰণি।

বিজেপিৰ টকট লাভ কৰাৰ পিছতে এতিয়া সমষ্টিবাসীৰ কাষ চাপিছে হাফলং সমষ্টিৰ বিজেপি প্ৰাৰ্থী নন্দিতা গাৰ্লোছা।  মঙলবাৰে হাফলং বিধান সভা সমষ্টি অন্তৰ্গত মাইবঙত দিতেন হোজাইৰ ঘৰত নন্দিতা গাৰ্লোছাক গাহৰি প্ৰদান কৰি আদৰণি জনোৱা দেখা যায়।

উল্লেখযোগ্য যে, পূৱ মাইবং সমষ্টিৰ পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি নন্দিতা গাৰ্লোছা হ'ল বৰ্তমানৰ উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্য্যবাহী সদস্য। ইফালে হাফলং সমষ্টিত কংগ্ৰেছ দলৰ পৰা পাৰ্থীত্ব লাভ কৰিছে  নিৰ্মল লাংথাছাই। প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ শক্তিশালী নেতা গোবিন্দ লাংথাছাৰ পুত্ৰ নিৰ্মলে এতিয়া তীব্ৰ প্ৰত্যাহ্বান জনাইছে বিজেপি প্ৰাৰ্থীগৰাকীক। গতিকে এইবাৰ নিৰ্বাচনত নিৰ্মল আৰু নন্দিতাৰ মাজৰ নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হ'ব বুলি ধাৰণা কৰা হৈছে।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি