এইবাৰৰ অধিৱেশনত তেৰখন বিধেয়ক উত্থাপন কৰিব চৰকাৰে ৷ বেচৰকাৰী বিধেয়কো উত্থাপন হ'ব সদনত ৷
তেৰ আগষ্ট পৰ্যন্ত চলিবলগীয়া বাজেট অধিৱেশনত বহু চৰ্চিত গো-সুৰক্ষা বিধেয়কখনো উত্থাপন কৰিব ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৷ লগতে ব্যাপকভাৱে চৰ্চাত থকা জনসংখ্যা নীতি সম্পৰ্কীয় নতুন বিধেয়কখনো এইবাৰৰ বাজেট অধিৱেশনত চৰকাৰে উত্থাপন কৰিব ৷ ইয়াৰ বাবে বিৰোধীয়ে হুলস্থূলীয়া পৰিৱেশৰ সূচনা কৰাৰ পূৰ্ণ সম্ভৱনা আছে ৷
ডিজিটেল ব্যৱস্থাৰে আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনত বিধায়ক সকলে লেপটপ ব্যৱহাৰ কৰিব পাৰিব ৷ মোবাইল ফোন সদনৰ ভিতৰলৈ নিব পাৰিব যদিও মোবাইলত নেটৱৰ্ক নাপাব কোনেও ৷ উল্লেখযোগ্য যে ১৬ জুলাইত সদনত বাজেট দাখিল কৰিব ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্ত মন্ত্ৰী অজন্তা নেওগে ৷