নিৰ্মীয়মাণ ভৱনত বিধানসভাৰ লগতে ৰাজনৈতিক দলসমূহৰ বিধায়িনী কক্ষ স্থাপন নকৰাত ক্ষোভ প্ৰকাশ কৰে অধ্যক্ষই৷
নিৰ্মীয়মাণ ভৱনত বিধানসভাৰ লগতে ৰাজনৈতিক দলসমূহৰ বিধায়িনী কক্ষ স্থাপন নকৰাত ক্ষোভ প্ৰকাশ কৰে অধ্যক্ষই৷
নিৰ্মীয়মাণ অসম বিধানসভাৰ ভৱন মঙলবাৰে উপাধ্যক্ষ ডাঃ নোমল মমিন আৰু বিধানসভাৰ বিষয়াবৰ্গক লৈ পৰিদৰ্শন কৰিলে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে৷ পৰিদৰ্শন কৰি নিৰ্মীয়মাণ ভৱনৰ বিসংগতি দেখি আৰ্কিটেক্টক বিভিন্ন প্ৰশ্ন কৰে অধ্যক্ষ দৈমাৰীয়ে৷
এইবাৰ শেনৰ এজাত নতুন চৰকাৰ৷ বহি থকা নাই কোনো৷ খোদ মুখ্যমন্ত্ৰীয়ে ২৪ ঘণ্টাই ৰাজ্যবাসীৰ বাবে কাম কৰিম বুলি শপতগ্ৰহণৰ পিছৰে পৰা উঠি পৰি লগাৰ পিছত সকলো মন্ত্ৰীও দৌৰিবলৈ আৰম্ভ কৰিছে বিভাগীয় কামত৷ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসকলৰ পিছতে এইবাৰ কামত লাগিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী৷ লগত উপাধ্যক্ষ ডাঃ নোমল মমিন৷
সোমবাৰে ১৫ সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন সমাপ্ত কৰি মঙলবাৰে নতুন বিধানসভা ভৱনটো পৰিদৰ্শন কৰিলে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে৷ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিধানসভা সচিবালয়ৰ বিষয়া আৰু নিৰ্মীয়মাণ বিধানসভা ভৱনৰ আৰ্কিটেক্টক লৈ নতুন ভৱনটো তন্ন তন্নকৈ পৰিদৰ্শন কৰে অধ্যক্ষ আৰু উপাধ্যক্ষই৷ এই পৰিদৰ্শনকালত নিৰ্মীয়মাণ ভৱনত বহু বিসংগতি দেখি ক্ষোভ প্ৰকাশ কৰে অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে৷ বিধানসভাৰ সদস্য বহাৰ আসন চাই ক্ষোভ প্ৰকাশ কৰি আৰ্কিটেক্টক প্ৰশ্ন কৰে অধ্যক্ষ আৰু উপাধ্যক্ষই৷ বিল পাছ কৰাৰ সময়ত ডেক্সত হাতেৰে ঢকিয়ালে নিৰ্মাণ কৰা বৰ্তমানৰ ডেস্ক ভাগি যোৱাৰ সম্ভৱনা প্ৰকাশ কৰে অধ্যক্ষ আৰু উপাধ্যক্ষই৷
ইয়াৰ পিছতে বিধানসভাৰ এই মজিয়াৰ বেৰত ৰাজ্যৰ ৩৫টা জনগোষ্ঠীৰ প্ৰতি সন্মান জনাই জনগোষ্ঠীয় প্ৰতীকীপটমূহ বিধানসভাৰ বেৰত খোদিত কৰাৰ পোষকতা কৰে৷ লগতে বৰ্তমানে খোদিত বৃন্দাবনী বস্ত্ৰ এটা স্থানত সুন্দৰকৈ স্থাপন কৰিব বুলি পৰিদৰ্শনকালত সদৰি কৰে অধ্যক্ষ দৈমাৰীয়ে৷
নিৰ্মীয়মাণ ভৱনত বিধানসভাৰ লগতে ৰাজনৈতিক দলসমূহৰ বিধায়িনী কক্ষ স্থাপন নকৰাত ক্ষোভ প্ৰকাশ কৰে অধ্যক্ষই৷ বিধানসভাৰ সংলগ্ন ১৬ তলাযুক্ত অট্টালিকাতহে বিধায়িনী দলসমূহৰ কক্ষসমূহ কিয় নিৰ্মাণ কৰা হ'ল বুলি প্ৰশ্ন কৰে অধ্যক্ষই৷
নিৰ্মাণৰ বিসংগতি সন্দৰ্ভত অসন্তুষ্টি প্ৰকাশ কৰি বিধানসভাৰ অধ্যক্ষই নতুন বিধানসভা ভৱনৰ মূল প্ৰৱেশদ্বাৰটোও পৰিদৰ্শন কৰে৷ মূল প্ৰৱেশদ্বাৰ সৰুকৈ নিৰ্মাণ কৰাতো অসন্তুষ্টি প্ৰকাশ কৰে অধ্যক্ষই৷
নিৰ্মীয়মাণ ভৱনৰ নিৰ্মাণত বিসংগতি দেখি মঙলবাৰে ক্ষোভ প্ৰকাশ কৰি বহু নিৰ্মাণ কাৰ্য নতুনকৈ যে পুনৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কৰাব সেয়া নিশ্চিত হ'ল৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|