চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰৰ লখৰাত বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাই দলীয় সমৰ্থকক লগত লৈ পদ যাত্ৰা কৰি বজালে নিৰ্বাচনী ৰণ ডংকা।
চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰৰ লখৰাত বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাই দলীয় সমৰ্থকক লগত লৈ পদ যাত্ৰা কৰি বজালে নিৰ্বাচনী ৰণ ডংকা।
চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰৰ লখৰাত বিজেপিৰ প্ৰাৰ্থী পদ্ম হাজৰিকাই দলীয় সমৰ্থকক লগত লৈ পদ যাত্ৰা কৰি বজালে নিৰ্বাচনী ৰণ ডংকা। প্ৰায় তিনি কিলোমিটাৰ পদ যাত্ৰা কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ পদ যাত্ৰাত অংশগ্ৰহণ কৰা পদ্ম হাজৰিকাৰ সমৰ্থকসকলে চতিয়া সমষ্টিৰ উন্নয়নৰ গীতৰ তালে তালে নাচি বাগি মতলীয়া হৈ পৰে ৷
চতিয়া সমষ্টিৰ কংগ্ৰেছৰ মনোনিত প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰীক তীব্ৰ সমালোচনা কৰি পদ্ম হাজৰিকাই কয় যে, 'নিৰ্বাচন আহিলে ঘৰৰ চুক ভেকুলীৰ দৰে হঠাৎ ওলাই আহে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাণেশ্বৰ বসুমতাৰী ৷ ৰাইজৰ পদুলিয়ে পদুলিয়ে ঘুৰি ফুৰা প্ৰাণেশ্বৰৰ কিন্তু এইবাৰ গধুলি হ'ল , ৰাইজে এইবাৰ প্ৰাণেশ্বৰ বসুমতাৰীক চিৰবিদায় দিব ৷' নিৰ্বাচনৰ সময়ত চুক ভেকুলীৰ দৰে ওলায় অহা কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীক ৰাইজে বাই বাই দিছে বুলিও কটাক্ষ কৰে চতিয়াৰ সমষ্টিি বিধায়ক পদ্ম হাজৰিকাই৷
আনহাতে জাতি বিৰুদ্ধ, সংস্কৃতি বিৰুদ্ধ বদৰুদ্দিন আজমলক ড্ৰাইভিং চিটত বহুৱাই গাড়ীত উঠি নিৰ্বাচনী বৈতৰনী পাৰ হ’ব বিচৰা কংগ্ৰেছ দল আৰু পাম নথকা ফুটবল হাগ্ৰামা মহিলাৰীক বহুৱাই চলোৱা গাড়ী গৈ জীয়া ভৰলী নদীত এনেকুুুুৱাকৈ পৰিব য'ৰ পৰা কোনেও কংগ্ৰেছক আৰু উঠাই আনিব নোৱাৰিব বুলি উল্লেখ কৰে পদ্ম হাজৰিকাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|