৩১ আগষ্টৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ অধিৱেশন

আগৰ দৰে ইজনে সিজনৰ কাণে কাণে ফুচফুচাব নোৱাৰিব বিধায়ক–মন্ত্ৰীয়ে৷ নোৱাৰিব হেঁচা–ঠেলাকৈ বহিব৷
আগৰ দৰে ইজনে সিজনৰ কাণে কাণে ফুচফুচাব নোৱাৰিব বিধায়ক–মন্ত্ৰীয়ে৷ নোৱাৰিব হেঁচা–ঠেলাকৈ বহিব৷
- News18 Assam
- Last Updated: July 29, 2020, 7:01 PM IST
"১৮ আগষ্টত আমাৰ এখন বৈঠক বহিব৷ বৈঠকতে আমি নিৰূপণ কৰিম নিয়মাৱলী৷ বিশেষকৈ সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব৷"— ক’লে অসম বিধানসভাৰ প্ৰধান সচিব মৃগেন্দ্ৰ ডেকাই।
২৪ মাৰ্চত অনুষ্ঠিত হোৱা বিধানসভাৰ বিশেষ অধিৱেশনৰ পিছত দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত ৰাজ্যপাল জগদীশ মুখীয়ে আহ্বান কৰিছে বিধানসভাৰ অধিৱেশন৷ পিছে এই অধিৱেশন কিমান দিন চলিব তাৰ সিদ্ধান্তও হ'ব ১৮ আগষ্টতহে৷ ৩১ আগষ্টৰ পৰা অনুষ্ঠিত হ'বলগীয়া অধিৱেশনত প্ৰৱেশ নিষিদ্ধ থাকিব দৰ্শণাৰ্থীৰ৷ বন্ধ থাকিব ছাত্ৰ-ছাত্ৰীৰো প্ৰৱেশ৷ বুধবাৰে এনেদৰেই বিধানসভাৰ অধিৱেশন সম্পৰ্কে সদৰি কৰিলে বিধানসভাৰ প্ৰধান সচিব মৃগেন্দ্ৰ কুমাৰ ডেকাই৷