বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / ২১ মে'ৰ পৰা তিনিদিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন

২১ মে'ৰ পৰা তিনিদিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন

2

2

BJP নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পিছত এতিয়া অসম বিধানসভাৰ সচিবালয় সাজু৷ ১৫ সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত কৰিবলৈ সাজু বিধানসভাৰ সচিবালয়৷

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

১৫সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন ২১ মে’ৰ পৰা তিনিদিনীয়াকৈ আৰম্ভ হ’ব৷ ইয়াৰ পূৰ্বে কাইলৈ ৰাজ্যৰ মুখ্য সচিবে বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে শপত বাক্য পাঠ কৰাব জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰীক৷

BJP নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পিছত এতিয়া অসম বিধানসভাৰ সচিবালয় সাজু৷ ১৫ সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত কৰিবলৈ সাজু বিধানসভাৰ সচিবালয়৷ ইতিমধ্যে ৰাজ্যপালে ২১ মে’ৰ পৰা তিনিদিনীয়াকৈ অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে জাৰি কৰিছে অধিসূচনা৷ ইয়াৰ পূৰ্বে বিধি অনুসৰি কাইলৈ বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপ মুখ্য সচিব জিষ্ণু বৰুৱাই জ্যেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰীক শপত বাক্য পাঠ কৰাব৷ এই কথা মঙলবাৰে জনালে বিধানসভাৰ সচিব এছ কে শৰ্মাই৷

বিজ্ঞাপন

২১ মে’ৰ দিনা পুৱা ৯:৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া ১৫সংখ্যক অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনত প্ৰটেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰাব৷ ইয়াৰ পিছতে বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ নিৰ্বাচন অনুষ্ঠিত হ’ব৷

১৫সংখ্যক অসম বিধানসভাৰ অধ্যক্ষ হিচাপে পানেৰী সমষ্টিৰ BJPৰ নৱনিৰ্বাচিত বিধায়ক তথা প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ নামটো সদনৰ মজিয়াত প্ৰস্তাৱ কৰাৰ সম্ভৱনা আছে৷ ২২মে’ত বিধানসভাত ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে ভাষণ ৰাখিব আৰু ২৪ মে’ত ৰাজ্যপালৰ ভাষণৰ ওপৰত সদনত ধন্যবাদসূচক প্ৰস্তাৱ ৰখা হ’ব৷

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন