মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Assembly | মুখ্যমন্ত্ৰীৰ ভাষণৰ সময়ত বিধানসভাত তীব্ৰ হুলস্থূল, ১৫ মিনিটকৰ বাবে সদন স্থগিত

Assam Assembly | মুখ্যমন্ত্ৰীৰ ভাষণৰ সময়ত বিধানসভাত তীব্ৰ হুলস্থূল, ১৫ মিনিটকৰ বাবে সদন স্থগিত

‘ৰাহুল গান্ধী জিন্দাবাদ’ ধ্বনিৰে প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ কৰে কংগ্ৰেছৰ বিধায়কসকলে। ইফালে, শাসকীয় পক্ষৰ মন্ত্ৰী–বিধায়কে দিয়ে ‘ভাৰত মাতা কি জয়’ ধ্বনি।

‘ৰাহুল গান্ধী জিন্দাবাদ’ ধ্বনিৰে প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ কৰে কংগ্ৰেছৰ বিধায়কসকলে। ইফালে, শাসকীয় পক্ষৰ মন্ত্ৰী–বিধায়কে দিয়ে ‘ভাৰত মাতা কি জয়’ ধ্বনি।

‘ৰাহুল গান্ধী জিন্দাবাদ’ ধ্বনিৰে প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ কৰে কংগ্ৰেছৰ বিধায়কসকলে। ইফালে, শাসকীয় পক্ষৰ মন্ত্ৰী–বিধায়কে দিয়ে ‘ভাৰত মাতা কি জয়’ ধ্বনি।

  • Share this:
বিধানসভাৰ অধিৱেশনত মুখ্যমন্ত্ৰীৰ ভাষণৰ সময়ত তীব্ৰ হুলস্থূল। মুখ্যমন্ত্ৰীয়ে ভাষণ দিবলৈ আৰম্ভ কৰাৰ লগে লগে হুলস্থূল আৰম্ভ কৰে বিৰোধী বিধায়কসকলে। কংগ্ৰেছৰ বিধায়কসকলে থিয় হৈ হুলস্থূল আৰম্ভ কৰে সদনত।

বাহুল গান্ধীৰ বিষয়টোক লৈ কংগ্ৰেছে সভাস্থগিতৰ প্ৰস্তাৱ আনিছিল। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সভা স্থগিতৰ প্ৰস্তাৱ ৰাখিছিল। সংবিধান ৰক্ষাৰ শপত লোৱাৰ পিছতো সংবিধান ৰক্ষা হোৱা নাই বুলি অভিযোগ তুলিছিল কংগ্ৰেছে। ৰাহুল গান্ধীৰ সাংসদ পদ তৎকালে খাৰিজ কৰিলে কিয় তাক লৈ আলোচনা বিচাৰিছিল বিৰোধীয়ে। দেৱব্ৰত শইকীয়াই কয়, ন্যায়পালিকাই যদি ভুলভাৱে কাম কৰে তেন্তে উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰে। দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে BBCয়ে ডকুমেণ্টেৰী কৰাৰ বাবে অসম বিধানসভাৰ মজিয়াত চৰকাৰী পক্ষই সংকল্প প্ৰস্তাৱ আনিলে বিৰোধীৰ বিৰোধিতা সত্ত্বেও৷ এতিয়া দেশৰ সংবিধান ৰক্ষাৰ বাবে সদনত আলোচনা হ’৸ব লাগে৷

ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ভাষণ দিবলৈ উঠাৰ লগে লগে কংগ্ৰেছৰ বিধায়কসকলে হুলস্থুল আৰম্ভ কৰে। বিৰোধীৰ হুলস্থূলৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কালিৰ CLPতে হুলস্থূল কৰিম বুলি সিদ্ধান্ত লোৱা বুলি মই জানো৷ বিৰোধী দলপতিয়ে কথা কওঁতে মই মনে মনে আছিলো। এতিয়া মই কওঁতে কিয় কৈ আছে। যদি হুলস্থূল কৰিম সিদ্ধান্ত লৈ আহিছে কৰক নহ’লে বহক।’

ইয়াৰ পিছতে ‘ৰাহুল গান্ধী জিন্দাবাদ’ ধ্বনিৰে প্লেকাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ কৰে কংগ্ৰেছৰ বিধায়কসকলে। ইফালে, শাসকীয় পক্ষৰ মন্ত্ৰী–বিধায়কে দিয়ে ‘ভাৰত মাতা কি জয়’ ধ্বনি।

সদনত তীব্ৰ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত অধ্যক্ষই বাধা দি কয়, ‘‘সদনত আন্দোলন নহয়৷ সদনত পোষ্টাৰ নহ’ব। কিন্তু অধ্যক্ষৰ বাধাকো আওকাণ কৰি চলি থাকিল হুলস্থূল। কংগ্ৰেছৰ বিধায়কসকলে ‘ৰাহুল গান্ধী জিন্দাবাদ’ ধ্বনি দিয়াৰ বিপৰীতে শাসকীয় পক্ষৰ বিধায়কসকলে দিলে ‘ৰাহুল গান্ধী মুৰ্দাবাদ’, ‘ৰাহুল গান্ধী হায় হায়’ ধ্বনি। ফলত ১৫ মিনিটৰ বাবে সদন স্থগিত ৰাখিবলগীয়া হয় অধ্যক্ষই।

শেহতীয়া বাতৰি