মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ভাগৰ লাগিছে! সদনত মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে টোপনিত লালকাল বিধায়ক অখিল গগৈ

ভাগৰ লাগিছে! সদনত মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে টোপনিত লালকাল বিধায়ক অখিল গগৈ

News18 Assam | News18-Assam
Updated:August 13, 2021, 3:03 PM IST
ভাগৰ লাগিছে! সদনত মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে টোপনিত লালকাল বিধায়ক অখিল গগৈ
মুখ্যমন্ত্ৰীয়ে শেহতীয়া সীমা সমস্যাৰ ওপৰত ভাষণ প্ৰদান কৰি থকাৰ সময়ত নিজৰ আসনতে শুই পৰিল অখিল গগৈ।

মুখ্যমন্ত্ৰীয়ে শেহতীয়া সীমা সমস্যাৰ ওপৰত ভাষণ প্ৰদান কৰি থকাৰ সময়ত নিজৰ আসনতে শুই পৰিল অখিল গগৈ।

  • Share this:

প্ৰায়ে বিধানসভাত সৰব ভূমিকা পালন কৰা বিধায়ক অখিল গগৈৰ আজি ভাগৰ লাগিল। মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি থকাৰ মাজতে টোপনিত লালকাল হ'ল শিৱসাগৰ সমষ্টিৰ বিধায়কজন।


আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিন আছিল। অন্তিম দিনৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে শেহতীয়া সীমা সমস্যাৰ ওপৰত ভাষণ প্ৰদান কৰি থকাৰ মাজতে নিজৰ আসনতে শুই পৰিল অখিল গগৈ।




যিসময়ত অখিল গগৈ টোপনি গৈছিল, সেইসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়া সীমা সমস্যাৰ ওপৰত কৈছিল যে,‘মিজোৰামৰ সীমাক লৈ  উচ্চতম ন্যায়ালয়ত গোচৰ নাছিল।মিজোৰামে ইনাৰলেণ্ড ফৰেষ্টত ঝুম খেতি কৰিব আহিছে। ২০০ হেক্টৰ মাটি আমি পুনৰ উদ্ধাৰ কৰিছো।'

Published by: Himangshu Bhuyan
First published: August 13, 2021, 3:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি