মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Assembly | সমষ্টি পুননিৰ্ধাৰণৰ বিষয়ত ৰাজ্য চৰকাৰ জড়িত নহয়, সদনৰ মজিয়াত ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

Assam Assembly | সমষ্টি পুননিৰ্ধাৰণৰ বিষয়ত ৰাজ্য চৰকাৰ জড়িত নহয়, সদনৰ মজিয়াত ক’লে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

‘‘২০০১ৰ ভিত্তিত সমষ্টি পুনঃনিৰ্ধাৰণ হ’ব। পৰৱৰ্তী কালত ২০১১ বা ২০২২ৰ ভিত্তিত হ’ব৷ তামিলনাডু, কৰ্ণাটক, পশ্চিম বংগত যি প্ৰক্ৰিয়াৰে হৈছে আমাৰ ইয়াতো হ’ব।’’ – ক’লে মুখ্যমন্ত্ৰীয়ে।

  • Share this:
সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিধানসভাৰ মজিয়াত (Assam Assembly Session) মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। বিধানসভা অধিৱেশনৰ ষষ্ঠ দিনা বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) কয়, ‘‘ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ মুখ্য নিৰ্বাচনী বিষয়াক জনাইছে যে ১ জানুৱাৰীৰ পৰা সমষ্টি নিৰ্বাচন পুনঃনিৰ্ধাৰন প্ৰক্ৰিয়া চলিব। এই মাহতে নিৰ্বাচন আয়োগ আহিব আৰু ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনা কৰিব৷ এইক্ষেত্ৰত ৰাজ্য চৰকাৰ জড়িত নহয়৷’’

‘‘বাতৰি কাকতত এখন খচৰা সততে প্ৰকাশ কৰি থাকে৷ সংবাদ মাধ্যমত মুখৰোচক বাতৰি প্ৰকাশ পাই থাকে৷ এয়া সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়৷ সমষ্টিৰ মানুহক ন্যায় দিব লাগে৷ নিৰ্বাচন আয়োগৰ তথ্য মতে সেয়া প্ৰতিষ্ঠিত নহয়৷ সমষ্টি পুননিৰ্ধাৰণ বিষয়ত ৰাজ্য চৰকাৰ জড়িত নহয়।’’ – সদনৰ মজিয়াত ক’লে মুখ্যমন্ত্ৰীয়ে।

NRCৰ বাবে সমষ্টি পুনঃনিৰ্ধাৰন প্ৰক্ৰিয়া বন্ধ হোৱা নাছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, কংগ্ৰেছ চৰকাৰৰ দিনত আইন-শৃংখলাজনিত কাৰণত প্ৰক্ৰিয়াটো আৰম্ভ কৰিব নালাগে বুলি কৈছিল৷ আমি কৈছো যে এতিয়া কোনো সমস্যা নাই৷

‘‘২০০১ৰ ভিত্তিত সমষ্টি পুনঃনিৰ্ধাৰণ হ’ব। পৰৱৰ্তী কালত ২০১১ বা ২০২২ৰ ভিত্তিত হ’ব৷ তামিলনাডু, কৰ্ণাটক, পশ্চিম বংগত যি প্ৰক্ৰিয়াৰে হৈছে আমাৰ ইয়াতো হ’ব।’’ – ক’লে মুখ্যমন্ত্ৰীয়ে।

শেহতীয়া বাতৰি