• Home
  • »
  • News
  • »
  • assam
  • »
  • প্ৰথম দিনাই বিধানসভাত বিৰোধীৰ হাল্লাবোল! অন্তিমখন অধিৱেশন সুখকৰ নহ'ল শাসক-বিৰোধীৰ

প্ৰথম দিনাই বিধানসভাত বিৰোধীৰ হাল্লাবোল! অন্তিমখন অধিৱেশন সুখকৰ নহ'ল শাসক-বিৰোধীৰ

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ অন্তিমখন অধিবেশন। কিন্তু অন্তিমখন অধিৱেশন সুখকৰ নহ’ল চৰকাৰ আৰু বিৰোধীৰ বাবে।

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ অন্তিমখন অধিবেশন। কিন্তু অন্তিমখন অধিৱেশন সুখকৰ নহ’ল চৰকাৰ আৰু বিৰোধীৰ বাবে।

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ অন্তিমখন অধিবেশন। কিন্তু অন্তিমখন অধিৱেশন সুখকৰ নহ’ল চৰকাৰ আৰু বিৰোধীৰ বাবে।

  • Share this:
বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল অসম বিধানসভাৰ অন্তিমখন অধিবেশন। কিন্তু অন্তিমখন অধিৱেশন সুখকৰ নহ’ল চৰকাৰ আৰু বিৰোধীৰ বাবে। বিধানসভাত কংগ্ৰেছে হেৰুৱালে বিৰোধী দলৰ মৰ্যাদা। আনহাতে সৰ্বানন্দ সোণোৱাল চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে লোৱা শূন্য সহনশীল স্থিতিক বা:বা: জনাই ৰাজ্যপালে ভাষণ দিয়াক লৈ সদন অচল কৰি তোলে বিৰোধীয়ে। হাতে হাতে প্লে কাৰ্ড লৈ ৰাজ্যপালৰ সন্মুখত বিৰোধী বিধায়কে দিয়ে শ্ল’গান। ফলত   ২ পৃষ্ঠাতে সীমাৱদ্ধ হ'ল ৮৭ পৃষ্ঠাৰ ভাষণ ৷ ৮৭ পৃষ্ঠাৰ ভাষণ ৩ মিনিটত সামৰিলে ৰাজ্যপালে ৷ ইফালে একেটা দিনতে কংগ্ৰেছে হেৰুৱালে বিৰোধীৰ মৰ্যদা ৷

অসম বিধানসভাৰ ইতিহাসত প্ৰথমবাৰলৈ বিৰোধী দলপতি অবিহনে অনুষ্ঠিত হ'ল অধিৱেশন। কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কে পদত্যাগ কৰাৰ পিছত দেৱব্ৰত শইকীয়াই বিৰোধী দলপতিৰ মৰ্যদা হেৰুৱাৰ পিছত তেওঁ উচ্চ ন্যায়ালৰ কাষ চাপিছিল যদিও উচ্চ ন্যায়ালয়ে অধ্যক্ষৰ ৰায় বাহাল ৰাখে। ফলত বিৰোধী দলপতি অবিহনেই আৰম্ভ হয় বিধানসভাৰ অধিবেশন।

বিধানসভা অধিৱেশনৰ প্ৰথমটো দিনত ধূতি পৰিধান কৰি বিধানসভালৈ আহিল ৰূপজ্যোতি কুৰ্মী ৷ ক'লে ড্ৰেছ ক'ডৰ কথা এইদৰে, '২০১৭ৰ পৰা বিজেপি চৰকাৰে যেতিয়াই বাজেট দাখিল কৰে তেতিয়াই ৰাইজে তেওঁলোকৰ মুখলৈ চাই থাকে। কিন্তু সাধাৰণ ৰাইজৰ বাবে একো নাথাকে। সেয়েহে পুৱাই মই এই ধুতি আৰু কুৰ্টা পিন্ধি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু এই পোছাক পিন্ধিয়ে বিধানসভালৈ আহিছো।'
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি