Assam-Assembly: অসমৰ ৰাজনীতিত প্ৰৱেশ ৰাষ্ট্ৰীয় জনতা দলৰ, তিনিচুকীয়া সমষ্টিৰ বাবে কংগ্ৰেছী হীৰা দেৱীক দিলে প্ৰাৰ্থীত্ব

News18 Assam | News18-Assam
Updated:March 11, 2021, 2:31 PM IST
Assam-Assembly: অসমৰ ৰাজনীতিত প্ৰৱেশ ৰাষ্ট্ৰীয় জনতা দলৰ, তিনিচুকীয়া সমষ্টিৰ বাবে কংগ্ৰেছী হীৰা দেৱীক দিলে প্ৰাৰ্থীত্ব
বুধবাৰে দলটোৱে ঘোষণা কৰে তিনিচুকীয়া সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম।

বুধবাৰে দলটোৱে ঘোষণা কৰে তিনিচুকীয়া সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম।

  • Share this:
অসমৰ ৰাজনীতিত প্ৰৱেশ কৰিলে ৰাষ্ট্ৰীয় জনতা দলে। বিহাৰৰ জনপ্ৰিয় যুৱ নেতা তেজস্বী যাদৱৰ ৰাষ্ট্ৰীয় জনতা দলে প্ৰাৰ্থীত্ব দিলে তিনিচুকীয়া সমষ্টিত। কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটবন্ধনৰ চিন স্বৰূপে এইবাৰ অসমৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে তিনিচুকীয়া বিধানসভা সমষ্টিটো এৰি দিছে ৰাষ্ট্ৰীয় জনতা দলক। বুধবাৰে দলটোৱে ঘোষণা কৰে তিনিচুকীয়া সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম। দলটোৱে তিনিচুকীয়া জিলা কংগ্ৰেছৰ কোষাধ্যক্ষ তথা বিহাৰী সম্প্ৰদায়ৰ বোৱাৰী হীৰা দেৱীক দিছে দলীয় প্ৰাৰ্থীত্ব।

উল্লেখ্য যে, তিনিচুকীয়া সমষ্টিত আছে বিহাৰী সম্প্ৰদায় তথা হিন্দীভাষী লোকৰ বৃহত্‍ সংখ্যক ভোটাৰ। আৰু সেইবাবেই সমষ্টিতো কংগ্ৰছে ৰাষ্ট্ৰীয় জনতা দলক এৰি দিছে বুলি ক'ব পাৰি।

কিন্তু অন্যান্য জাতি-জনগোষ্ঠী, ভাষা-সম্প্ৰদায় আৰু ধৰ্মাৱলম্বী লোকে বাস কৰি অহা তিনিচুকীয়া সমষ্টিত বিহাৰী সম্প্ৰদায় বা হিন্দীভাষী লোকৰ বহু ভোটাৰ আছে যদিও সেইসকলে ৰাজ্যৰ সাধাৰণ নিৰ্বাচনত কোনো দিনেই নিৰ্ণায়ক ভুমিকা পালন কৰা নাই বুলি ক'ব বিচাৰে সমষ্টিটোৰ একাংশ সচেতন ভোটাৰে।

কংগ্ৰেছ দলৰ দুৰ্গ হিচাপে পৰিচিত তিনিচুকীয়া সমষ্টিটো অসমৰ সংসদীয় ৰাজনীতিত এক গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত হৈ আছে। মটক ৰাজ্য বেংমৰাৰ এই সমষ্টিত  ১৯৭৯ৰ সাধাৰণ নিৰ্বাচনৰ জনতা দলৰ হৈ গোলাপ বৰবৰা আৰু যোৱা ২০১৬ বৰ্ষৰ নিৰ্বাচনত বিজেপি দলৰ সঞ্জয় কিষাণৰ বাহিৰে কংগ্ৰেছ দলেই আধিপত্য বিস্তাৰ কৰি আহিছিল।

সাম্প্ৰতিক সময়তো সমষ্টিটোত কংগ্ৰেছৰ আছে শক্তিশালী ভেঁটি। তাৰ পিছতো মহাজোঁটবন্ধনৰ স্বাৰ্থত সমষ্টিটো ৰাষ্ট্ৰীয় জনতা দলক এৰি দিয়াৰ পিছতে সকলো অংকত আউল লাগিছে । ইতিমধ্যে ক্ষোভত হৈ ইটাখুলি আৰু তিনিচুকীয়া চহৰ ব্লক কংগ্ৰেছৰ সকলো বিষয়-ববীয়াই সকলো দলীয় বিষয়-বাবৰ পৰা পদত্যাগ কৰিছে আৰু নিৰ্বাচন শেষ  নোহোৱালৈকে তথা ২৭ মাৰ্চ পৰ্যন্ত দলক সহযোগিতা আগনবঢ়োৱাৰ সিদ্ধান্ত লৈছে ।

এইবাৰ  সমষ্টিটোত কংগ্ৰেছ দলৰ হৈ মুঠ এঘাৰগৰাকীয়ে টিকটৰ বাবে আবেদন কৰিছিল । তাৎপৰ্যপূৰ্ণভাৱে এঘাৰজনীয়া তালিকাত থকা হীৰা দেৱীক কংগ্ৰেছৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাত ক্ষোভিত হৈ পৰিছে চিনিচুকীয়াৰ কংগ্ৰেছী শিৱিৰ। ইতিমধ্যে তিনিচুকীয়া চহৰ ব্লক কংগ্ৰেছৰ সভাপতি তথা দুটাকৈ কাৰ্যকাল তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি শোভাশীষ ভট্টাচাৰ্যই কংগ্ৰেছ দল ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সমষ্টিটোৰ বাবে মনোনয়ন দাখিল কৰিছে। ফলস্বৰূপে এতিয়া আকৰ্ষণীয় হৈ পৰিছে তিনিচুকীয়া সমষ্টিৰ নিৰ্বাচনী প্ৰেক্ষাপট।

বাঙালী সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা ভট্টাচাৰ্যই কংগ্ৰেছ দলৰ লগতে বঙালী ভোটাৰসকলকো যে আকৰ্ষিত কৰিব পাৰিব সেইটো নিশ্চিত হৈ পৰিছে। কিয়নো তিনিচুকীয়া পৌৰ এলেকাত বঙালী ভোটাৰৰ সংখ্যা গৰিষ্ঠ বুলি বিদ্যমান।  তথ্য অনুসৰি সমষ্টিটোত হিন্দীভাষী ভোটাৰ ২৪,৭৯৫ (১৪•৫%), বাংলাভাষী ৪৬,১৭০ (২৭%), অসমীয়া হিন্দু ৩৪,২০০ (২০%), চাহ জনগোষ্ঠী ৩৯,৩৩০ (২৩%) আৰু অন্যান্য ১১ শতাংশ।

ভোটাৰ মন্তব্য যে, কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত তিনিচুকীয়া সমষ্টিটো কংগ্ৰেছে ৰাষ্ট্ৰীয় জনতা দলক গটাই দিয়াত তৃণমূল পৰ্যায়ৰ কংগ্ৰেছীসকল ক্ষুন্ন হৈ পৰিছে। কিন্তু শীৰ্ষ নেতাৰ নিৰ্দেশতেই হওক কিম্বা দলৰ প্ৰতি থকা আনুগত্যৰ বাবেই হওক, শেষ মুহূৰ্তত শাসকীয় দলটোক ক্ষমতাচ্যুত কৰিবলৈ ৰাষ্ট্ৰীয় জনতা দল তথা হীৰা দেৱীৰ সপক্ষে ভোটদান কৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি।
Published by: Himangshu Bhuyan
First published: March 11, 2021, 2:31 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি