Assam-Assembly: আজি উজনি অসমত সমুখ সমৰত PM মোদী আৰু ৰাহুল গান্ধী...

News18 Assam | News18-Assam
Updated:March 21, 2021, 12:40 PM IST
Assam-Assembly: আজি উজনি অসমত সমুখ সমৰত PM মোদী আৰু ৰাহুল গান্ধী...
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৬ দিন বাকী। প্ৰতিটো ৰাজনৈতিক দলেই তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৬ দিন বাকী। প্ৰতিটো ৰাজনৈতিক দলেই তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান।

  • Share this:
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ ৬ দিন বাকী। প্ৰতিটো ৰাজনৈতিক দলেই তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। উজনি অসমত আজি নিজ দলৰ হৈ নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাহুল গান্ধীয়ে। একেটা দিনতে প্ৰধানমন্ত্ৰী মোদী আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা সফল কৰি তুলিবলৈ এতিয়া কঁকালত টঙালি বান্ধিছে দুয়োটা দলৰ নেতা-কৰ্মীয়ে।

আজি দিনৰ ১ বজাত মৰিয়নীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হৈ এখন বিশাল নিৰ্বাচনী সভাত অংশ ল'ব ৰাহুল গান্ধীয়ে। আনহাতে দিনৰ ২.৩০ বজাত ৰাহুল গান্ধীয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ হৈ গহপুৰতো এখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ ল'ব। সেইদৰে বিয়লি ৪ বজাত মুকলি কৰিব কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ।

ইফালে আজিৰ দিনটোতে উজনি অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দিনৰ ২.৩৫ বজাত চাবুৱাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী। আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী পোণাকণ বৰুৱাৰ হৈ এখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। সভা খনত চাবুৱাৰ লগতে চুবুৰীয়া বহুকেইটা সমষ্টিৰ ৰাইজ উপস্থিত থকাৰ সম্ভাৱনা আছে। আনহাতে আজি নিশাও প্ৰধানমন্ত্ৰী মোদীয়ে যোৰহাটতে কটাব।
Published by: Himangshu Bhuyan
First published: March 20, 2021, 11:14 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি