• Home
  • »
  • News
  • »
  • assam
  • »
  • বিধানসভাৰ নতুন ভৱনত প্ৰৱেশ কৰি শাসক-বিৰোধী বিধায়কৰ ধেমালি! মুখ্যমন্ত্ৰীয়ে ক'লে, 'আহল-বহল কোঠাত বহি মন বহল হ'ব সদস্যসকলৰ'

বিধানসভাৰ নতুন ভৱনত প্ৰৱেশ কৰি শাসক-বিৰোধী বিধায়কৰ ধেমালি! মুখ্যমন্ত্ৰীয়ে ক'লে, 'আহল-বহল কোঠাত বহি মন বহল হ'ব সদস্যসকলৰ'

“নতুন ভৱনটো অহল বহল আৰু ওখ ৷ সদস্যসকলে চাব পাৰিব আকাশমাৰ্গ ৷ মন বহল হ'ব সদস্যসকলৰ ৷”- ক'লে মুখ্যমন্ত্ৰীয়ে

“নতুন ভৱনটো অহল বহল আৰু ওখ ৷ সদস্যসকলে চাব পাৰিব আকাশমাৰ্গ ৷ মন বহল হ'ব সদস্যসকলৰ ৷”- ক'লে মুখ্যমন্ত্ৰীয়ে

“নতুন ভৱনটো অহল বহল আৰু ওখ ৷ সদস্যসকলে চাব পাৰিব আকাশমাৰ্গ ৷ মন বহল হ'ব সদস্যসকলৰ ৷”- ক'লে মুখ্যমন্ত্ৰীয়ে

  • Share this:
বহু জল্পনা-কল্পনাৰ অন্তত শুকুৰবাৰে অসম বিধানসভাৰ নিৰ্মিয়মান ভৱনত সোমাই এখন্তেক কটালে অধ্যক্ষসহ বিধানসভাৰ সদস্যসকলে ৷ ইয়াৰ পিছতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অধ্যক্ষৰ সৈতে নতুন ভৱনত সোমাই একাপ চাহ খালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

শুকুৰবাৰে অসম বিধানসভাৰ নতুন ভৱনৰ ভিতৰচ'ৰাত প্ৰৱেশ কৰিলে ১৪ সংখ্যক বিধানসভাৰ সদস্যসকলে ৷ ইয়াতেই আগন্তুক দিনত চলিব অসম বিধানসভাৰ অধিৱেশন ৷ শুকুৰবাৰে এজন এজনকৈ নতুন ভৱনৰ ভিতৰত প্ৰৱেশ কৰে সদস্যসকলে ৷

সদস্যসকলে চালে নতুন ভৱনৰ সৌন্দৰ্য ৷ নতুন আসনত বহি ল'লে আমেজ ৷ ইয়াৰ মাজতে নৱনীতা সন্দিকৈয়ে মাইক অন কৰি অধ্যক্ষক সম্বোধন কৰি কি ক'লে শুনক- “অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছো ৷ সৰ্তীথ বিধায়ক সকলক নতুন ভৱনলৈ আদৰণি জনাইছো ৷”



কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ বিধানসভাৰ প্ৰধান সচিবৰ আসনৰ মাইক অন কৰি ক'লে- “অধ্যক্ষই আজি চাহ খোৱালে নতুন ভৱনত ৷ কাইলৈ ভাত খোৱাব বুলি আশা কৰিলো ৷”

ৰূপজ্যোতিৰ এই অনুৰোধৰ পিছতে বিধায়ক প্ৰশান্ত ফুকনে ৰূপজ্যোতিক উদ্দেশ্যি ক'লে- 'নতুন ভৱনৰ পৰা ৰূপজ্যোতি কুৰ্মীক আহ্বান জনালো, যাতে আগন্তুক দিনত ৰূপজ্যোতি কুৰ্মীয়ে আৰু বেছি হুলস্থূল নকৰে ৷'

নতুন ভৱন চাই বিধায়কসকলে নতুন ভৱনৰ গেলেৰীত বহি একেলগে চাহ খালে ৷ নতুন ভৱনত আসন্ন নিৰ্বাচনৰ পিছত আজিৰ বিধায়কৰ কোন কোন জয়ী হৈ আহিব পাৰে, ঠিক নাই ৷ সেয়ে ৰূপজ্যোতি কুৰ্মীয়ে ক'লে- 'কংগ্ৰেছৰ দিনতেই আৰম্ভ হৈছিল নতুন বিধানসভা ভৱন নিৰ্মাণৰ কাম ৷ বিজেপিৰ দিনত সম্পূৰ্ণ বহু আগতেই হ'ব লাগিছিল ৷ BJPৰ সদস্যসকলক এই ভৱনত বহি সোৱাদ ল'বলৈ কৈছো ৷ নহ'লে অহাবাৰ বহাৰ সুযোগ আৰু নাপাব ৷ কিয়নো অহাবাৰ আমাৰেই চৰকাৰ হ'ব।'

ৰূপজ্যোতি কুৰ্মীৰ দৰে বিধায়ক কমলাক্ষ দে পুৰুকায়স্থয়েও ক'লে- “কংগ্ৰেছৰ দিনত আৰম্ভ হোৱা নতুন ভৱনৰ নিৰ্মাণ কাৰ্য বহু আগতেই সম্পূৰ্ণ হ'ব লাগিছিল ৷ এতিয়া নতুন ভৱনত সোমাই BJPৰ সদস্যসকলক কৈছো যে, তেওঁলোকে এবাৰ ইয়াত বহি আমেজতো লওক ৷ নহ'লেতো আৰু অহাবাৰত সুবিধা নাপাবই ৷ অহাবাৰ আমাৰেই চৰকাৰ হ'ব ৷”

মন্ত্ৰী-বিধায়কসকলৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও আহে নতুন ভৱনটো চাবলৈ ৷ নতুন ভৱনটো অধ্যক্ষই মুখ্যমন্ত্ৰীক দেখুৱালে তন্নতন্নকৈ ৷ নতুন ভৱনটো চাই মুখ্যমন্ত্ৰীয়ে ক'লে- “নতুন ভৱনটো অহল বহল আৰু ওখ ৷ সদস্যসকলে চাব পাৰিব আকাশমাৰ্গ ৷ মন বহল হ'ব সদস্যসকলৰ ৷” নতুন ভৱনৰ সৌন্দৰ্য আৰু ৱালত বৃন্দাবনী বস্ত্ৰৰ ৰূপৰেখা খোদিত কৰাত আভিভূত মুখ্যমন্ত্ৰী।

মুঠতে ১৫ সংখ্যক অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ১৪ সংখ্যক বিধানসভাৰ সদস্যসকলে নতুন ভৱনত প্ৰৱেশ কৰি এখন্তেক কটালে আৰু সকলোৱে একোকাপকৈ চাহ খালে ৷ একাংশ সদস্যই অধ্যক্ষক কাইলৈৰ অন্তিম দিনটোৰ কাৰ্যসূচী নতুন ভৱনতেই চলাবলৈ অনুৰোধ জনায়।
Published by:Himangshu Bhuyan
First published: