• Home
  • »
  • News
  • »
  • assam
  • »
  • 'ৰাজেন দা মোৰ ৰাজনৈতিক জীৱনৰ গুৰু'- মনোনয়ন দাখিলৰ পূৰ্বে ৰাজেন গোহাঁইৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল'লে নগাওঁ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই

'ৰাজেন দা মোৰ ৰাজনৈতিক জীৱনৰ গুৰু'- মনোনয়ন দাখিলৰ পূৰ্বে ৰাজেন গোহাঁইৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ ল'লে নগাওঁ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই

আজি নগাঁৱৰ আমোলাপট্টিস্থিত নিজা বাসভৱনৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ১০ সহস্ৰাধিক সমৰ্থক সহ এক বিশাল সমদলৰে মনোনয়ন দাখিল কৰে সদৰ সমষ্টিৰ বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই।

আজি নগাঁৱৰ আমোলাপট্টিস্থিত নিজা বাসভৱনৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ১০ সহস্ৰাধিক সমৰ্থক সহ এক বিশাল সমদলৰে মনোনয়ন দাখিল কৰে সদৰ সমষ্টিৰ বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই।

আজি নগাঁৱৰ আমোলাপট্টিস্থিত নিজা বাসভৱনৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ১০ সহস্ৰাধিক সমৰ্থক সহ এক বিশাল সমদলৰে মনোনয়ন দাখিল কৰে সদৰ সমষ্টিৰ বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই।

  • Share this:
'আমাৰ মাজত কোনো বিভেদ নাই। নগাঁও আৰু বঢ়মপুৰ দুয়োটা সমষ্টিতে বিজেপিৰ জয় নিশ্চিত। কাৰণ নগাঁও বিজেপিৰ দূৰ্গ আৰু নগাঁৱত বিজেপিৰ বিকল্প কোনো হ'ব নোৱাৰে।' - বিধায়ক ৰূপক শৰ্মাৰ হৈ মনোনয়ন দাখিল কৰিবলৈ আহি এই মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ।

উল্লেখযোগ্য যে, আজি নগাঁৱৰ আমোলাপট্টিস্থিত নিজা বাসভৱনৰ পৰা জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ ১০ সহস্ৰাধিক সমৰ্থকসহ এক বিশাল সমদলৰে মনোনয়ন দাখিল কৰে সদৰ সমষ্টিৰ বিধায়ক তথা বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মাই। বিধায়কগৰাকীক সংগ দিয়ে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাই।

আনহাতে, অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি অতুল মেধি আৰু সম্পাদক নিৰঞ্জন বৰায়ো এই সমদলত অংশগ্ৰহণ কৰে। জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ আগবঢ়া এই সমদলত নগাঁৱৰ নতুন বজাৰত যোগ দিয়ে প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইয়ে।

ৰাজেন গোঁহাইক ৰাজপথতে চৰণ স্পৰ্শ কৰি আশীষ বিচাৰি বিধায়কগৰাকীয়ে কয়, "ৰাজেন দা মোৰ ৰাজনৈতিক জীৱনৰ গুৰু আৰু তেওঁৰ আশীৰ্বাদ প্ৰতি মুহুৰ্ততে মোৰ লগত আছে। বিগত সময়ছোৱাত নগাঁৱবাসী ৰাইজৰ বাবে কৰা উন্নয়নমূলক কাম-কাজক ৰাইজে স্বীকৃতি দিছে। অনাগত দিনটো নগাঁৱবাসীৰ উন্নয়নৰ স্বাৰ্থতে ৰাইজে বিজেপিক ভোটদান কৰিব। নগাঁৱত বিজেপিৰ জয় ১০০শতাংশ নিশ্চিত।"

আনহাতে ৰাজেন গোঁহাইৰ সন্দৰ্ভত মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়, "তেওঁ সদায় আমাক মাৰ্গদৰ্শন কৰি আহিছে। তেওঁ সদায় বিজেপিৰ বাবে নিষ্ঠাৰে কাম কৰি যাবলৈ আমাক উৎসাহ যোগাইছে। কেৱল মাত্ৰ নগাঁৱতে নহয় জাগীৰোড সমষ্টিটো ৰাজেন দাই নিৰ্বাচনী প্ৰচাৰ চলাব।"

ইপিনে প্ৰফুল্ল কুমাৰ মহন্তৰ শিবিৰৰ নেতা হিচাপে চৰ্চিত অগপৰ নগাঁও জিলা সভাপতি অতুল মেধি আৰু সম্পাদক নিৰঞ্জন বৰাই যথেষ্ট সংখ্যক দলীয় কৰ্মীৰ সৈতে সমদলত অংশগ্ৰহণ কৰে। অগপ নেতা নিৰঞ্জন বৰাই কয়, অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ স্বাৰ্থত আৰু কংগ্ৰেছ-এআইইউডিএফৰ অশুভ মিত্ৰতাক ৰোধ স্বাৰ্থত নগাঁও জিলা অগপই কাম কৰি যাব। ৰূপক শৰ্মাৰ দৰে দক্ষ জনপ্ৰতিনিধিক জয়ী কৰোৱাৰ বাবে অগপই সদায় নিষ্ঠাৰে কাম কৰি যাব বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে, আজিৰ সমদলত সমষ্টিটোৰ যথেষ্ট সংখ্যক সমৰ্থকে ব্যাপক উল্লাসৰে অংশগ্ৰহণ কৰা দেখা যায়। তাৎপৰ্য্যপূৰ্ণ ভাৱে সমদলটোত যথেষ্ট সংখ্যক সংখ্যালঘু লোকেও অংশগ্ৰহণ কৰে। ইয়াৰ বিপৰীতে নগাওঁ সদৰ সমষ্টিত বাতৰি লিখাৰ পৰলৈকে কংগ্ৰেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই।
Published by:Himangshu Bhuyan
First published: