বিবুধিত ৰাজ্যিক বিজেপি! হিমন্ত বিশ্বৰ নিৰ্দেশত বুজনি দিবলৈ শিলাদিত্যৰ ঘৰত পীয়ুষ হাজৰিকা

News18 Assam | News18-Assam
Updated:March 11, 2021, 9:39 PM IST
বিবুধিত ৰাজ্যিক বিজেপি! হিমন্ত বিশ্বৰ নিৰ্দেশত বুজনি দিবলৈ শিলাদিত্যৰ ঘৰত পীয়ুষ হাজৰিকা
নিৰ্বাচন খেলা-নেখেলাৰ সন্দৰ্ভত কাইলৈ সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিয়ে শিলাদিত্য দেৱে।

নিৰ্বাচন খেলা-নেখেলাৰ সন্দৰ্ভত কাইলৈ সিদ্ধান্ত ল'ব বুলি জানিবলৈ দিয়ে শিলাদিত্য দেৱে।

  • Share this:
শিলাদিত্যক লৈ বিবুধিত ৰাজ্যিক বিজেপি। শিলাদিত্যৰ বাসগৃহত বুধবাৰে হঠাৎ উপস্থিত হ'ল পীয়ুষ হাজৰিকা। হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত শিলাদিত্য দেৱৰ বাসগৃহত উপস্থিত হোৱা বুলি ৰাজহুৱাকৈ মন্তব্য কৰা পীষুয হাজৰিকাৰ সৈতে বন্ধ কোঠাত গোপন বৈঠকত বহিল শিলাদিত্য দেৱ।

বৈঠক শেষ হোৱাৰ পিছত পীয়ুষ হাজাৰিকাই শিলাদিত্য দেৱক দলতে থাকি কাম কৰি যাবলৈ অনুৰোধ জনায়।পীয়ুষ হাজৰিকাই লগতে কয় যে, 'শিলাদিত্যক টিকট নিদিয়াত মই দুখিত।কাৰণ শিলাদিত্যৰ বাবে হোজাই বদৰুদ্দিনৰ সন্ত্ৰাস পৰা মুক্ত হৈছে।'

ইপিনে সেইসময়তে শিলাদিত্যৰ সমৰ্থকে পীয়ুষ হাজৰিকা গ' বেক ধ্বনি দিয়ে। লগতে শিলাদিত্য দেৱক কিয় টিকট দিয়া নহ'ল, তাৰো স্পষ্টীকৰণ বিচাৰে।

আনহাতে সমৰ্থকৰ উচাহ দেখি হোজাইৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হবলৈ সাজু বুলিও মন্তব্য কৰে শিলাদিত্য দেৱে। কিন্তু তেওঁ নিৰ্বাচন খেলাৰ বাবে যদি বিজেপিয়ে পৰাজয়বৰণ কৰে, তেন্তে হোজাইত পুনৰ আজমলৰ দপদপনি চলিব বুলি তাত্‍পৰ্যপূৰ্ণ মন্তব্য কৰে বিজেপিৰ টিকট বঞ্চিত বিতৰ্কিত নেতাগৰাকীয়ে।

ইফালে নিৰ্বাচন খেলা-নেখেলাৰ সন্দৰ্ভত কাইলৈ সিদ্ধান্ত ল'ব বুলিও জানিবলৈ দিয়ে শিলাদিত্য দেৱে।
Published by: Himangshu Bhuyan
First published: March 11, 2021, 9:36 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি