মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam-Assembly : ‘ঘৰে ঘৰে চাকৰি দিব নোৱাৰো, কিন্তু অহা এবছৰৰ ভিতৰত ১ লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰি দিম’ – পলাশবাৰীত ক’লে হিমন্ত বিশ্ব শৰ্মাই

Assam-Assembly : ‘ঘৰে ঘৰে চাকৰি দিব নোৱাৰো, কিন্তু অহা এবছৰৰ ভিতৰত ১ লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰি দিম’ – পলাশবাৰীত ক’লে হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যৰ মহিলাসকলৰ প্ৰত্যেক আত্মসহায়ক গোটসমূহক ১ লাখ আৰু  ২ লাখ টকাকৈ প্ৰদান কৰিব আৰু সেই ধন ঘূৰাই দিব নালাগে বুলি কয় মন্ত্ৰীগৰাকীয়ে।

ৰাজ্যৰ মহিলাসকলৰ প্ৰত্যেক আত্মসহায়ক গোটসমূহক ১ লাখ আৰু  ২ লাখ টকাকৈ প্ৰদান কৰিব আৰু সেই ধন ঘূৰাই দিব নালাগে বুলি কয় মন্ত্ৰীগৰাকীয়ে।

ৰাজ্যৰ মহিলাসকলৰ প্ৰত্যেক আত্মসহায়ক গোটসমূহক ১ লাখ আৰু  ২ লাখ টকাকৈ প্ৰদান কৰিব আৰু সেই ধন ঘূৰাই দিব নালাগে বুলি কয় মন্ত্ৰীগৰাকীয়ে।

  • Share this:
‘‘ঘৰে ঘৰে চাকৰি দিব নোৱাৰো, কিন্তু  অহা এক বছৰৰ ভিতৰত ১ লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰি দিম। চাকৰিৰ নিযুক্তি পত্ৰ প্ৰদান কৰাৰ দিনা মিঠাই খুৱাম। কেৱল চাকৰি পোৱা যুৱক–যুৱতীসকলে পিতৃ–মাতৃক সেৱা কৰিব লাগিব। কংগ্ৰেছৰ মানুহৰ ওপৰত বিশ্বাস নাই, সেই কাৰণে গেৰাণ্টি দিয়ে। টাটা কোম্পানীয়েও গেৰাণ্টি নিদিয়ে।’’ – পলাশবাৰীত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma)।

মন্ত্ৰীগৰাকীয়ে কয়, ‘‘মন্দিৰত ভগৱান থকাটো বিশ্বাস, বিজেপি চৰকাৰক ৰাইজে বিশ্বাস কৰে। আমাক মোদীৰ চৰকাৰ লাগে, আজমল নালাগে। হেমাং ঠাকুৰীয়া পলাশবাৰী (Palashbari) সমষ্টিৰ বিধায়ক হোৱাটো নিশ্চিত। পলাশবাৰী অসমৰ ভিতৰত এটা জাকত জিলিকে সমষ্টি হিচাপে গঢ়ি তুলিব লাগিব। মোৰ ওপৰত বিশ্বাস ৰাখক। বিগত ২০ বছৰত মই যি কৈছো সেয়াই কৰিছো।’’

৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পলাশবাৰী সমষ্টিৰ মিৰ্জাস্থিত পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী হেমাংগ ঠাকুৰীয়াৰ প্ৰচাৰৰ বাবে এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

প্ৰায় ২০ সহস্ৰাধিক লোক উপস্থিত থকা সভাখনত ড০ শৰ্মাই বিজেপি চৰকাৰ গঠন হোৱাৰ পিছতেই দুখীয়া-মধ্যবিত্ত পৰিয়াললৈ অৰুণোদয় আঁচনিৰ জৰিয়তে ধন প্ৰদান কৰা হ'ব বুলি মন্তব্য কৰে। এইবেলি ৮৩০ টকাকৈ প্ৰদান কৰিছে কিন্তু কিছুমান মহিলাই অৰুণোদয় আঁচনিৰ ধন পোৱা নাই, সেই সকলকো উক্ত আঁচনিত সামৰি লোৱাৰ ব্যৱস্থা কৰি পৰৱৰ্তী সময়ত সকলোকে ৩ হাজাৰ টকাকৈ প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে।

ধুবুৰীৰ পৰা শদিয়ালৈ বন্ধন বেংকৰ জৰিয়তে ৰাজ্যত প্ৰায় ১২ হাজাৰ কোটি টকা ঋণ আছে। এই সমুদায় ঋণ বিজেপি চৰকাৰে ঘুৰাই দি পুনৰাই বন্ধন বেংকৰ পৰা ঋণ নল’বলৈ মহিলাসকলক আহ্বান জনায়। এইবেলি ছাত্ৰ-ছাত্ৰীক ৰাজ্য চৰকাৰে স্কুটী প্ৰদান কৰিছে। অহাবাৰ কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক স্কুটী আৰু গেৰুৱা ৰঙৰ বুলেট প্ৰদান কৰিব বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।

ৰাজ্যৰ মহিলাসকলৰ প্ৰত্যেক আত্মসহায়ক গোটসমূহক ১ লাখ আৰু  ২ লাখ টকাকৈ প্ৰদান কৰিব আৰু সেই ধন ঘূৰাই দিব নালাগে বুলি কয় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰি স্বয়ম আঁচনিৰ জৰিয়তে যুৱক-যুৱতীসকলক বছৰত দুই লাখকৈ টকাকৈ ১০ লাখ যুৱক–যুৱতীক প্ৰদান কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে ড০ শৰ্মাই।

লগতে তেওঁ কয়, ‘‘কোভিডৰ সময়ত কংগ্ৰেছ দলৰ নেতা–কৰ্মীসকল গাঁতত সোমাই থাকিল। কংগ্ৰেছ দলে গেৰাণ্টি দিছে, আজি কালি বজাৰৰ সামগ্ৰীৰে গেৰাণ্টি নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় – বেটি বচাও বেটি পঢ়াও কিন্তু আজমলে কয় মহিলাসকলে যিমান পাৰে ল’ৰা-ছোৱালী জন্ম দিয়ক।’’

এইবেলি বিধানসভা নিৰ্বাচনত পলাশবাৰী সমষ্টিৰ পৰা হেমাংগ ঠাকুৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাই সমষ্টিটো জাকত জিলিকা কৰিবলৈ ৰাইজক আহ্বান জনাই ড০ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি পলাশবাৰীৰ বিধায়ক প্ৰণৱ কলিতাই কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত লোৱা বিভিন্ন আঁচনিৰ জৰিয়তে দুখীয়া জনসাধাৰণ উপকৃত হৈছে। কংগ্ৰেছক ভোট দিয়া মানে বদৰুদ্দিন আজমলক ভোট দিয়া বুলি কৈ কংগ্ৰেছ দলক সমালোচনা কৰে বিধায়ক প্ৰণৱ কলিতাই।

শেহতীয়া বাতৰি