• Home
  • »
  • News
  • »
  • assam
  • »
  • 'দুৰ্নীতিমুক্ত অসম কেৱল শ্লোগান হ'ব নোৱাৰে, তাৰ বাবে নিৰন্তৰ কাম কৰিব লাগিব'- বিধানসভা অধিৱেশনৰ অন্তিম দিনা মুখ্যমন্ত্ৰীৰ ভাষণ

'দুৰ্নীতিমুক্ত অসম কেৱল শ্লোগান হ'ব নোৱাৰে, তাৰ বাবে নিৰন্তৰ কাম কৰিব লাগিব'- বিধানসভা অধিৱেশনৰ অন্তিম দিনা মুখ্যমন্ত্ৰীৰ ভাষণ

আপোনালোকে বেজাৰ নকৰিব, অহাবাৰো আমাৰেই চৰকাৰ হ'বঃ মুখ্যমন্ত্ৰী

আপোনালোকে বেজাৰ নকৰিব, অহাবাৰো আমাৰেই চৰকাৰ হ'বঃ মুখ্যমন্ত্ৰী

আপোনালোকে বেজাৰ নকৰিব, অহাবাৰো আমাৰেই চৰকাৰ হ'বঃ মুখ্যমন্ত্ৰী

  • Share this:
আজি চলিত অসম বিধানসভাৰ অন্তিম খন অধিৱেশনৰ অন্তিমটো দিন। আজিৰ অন্তিম দিনৰ কাৰ্যসূচী আৰম্ভ হৈছে অসম বিধানসভাৰ নতুন ভৱনত। শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁলোকৰ চৰকাৰৰ যোৱা ৫ বছৰীয়া কাৰ্যকালৰ তুলনামূলক খতিয়ান দাঙি ধৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'মই মোৰ চৰকাৰৰ গুণানুকীৰ্তন কৰিবলৈ উঠা নাই ৷ কaভিড১৯ৰ বাবে আমি ২০২০ৰ মাৰ্চৰ পৰা ডিচেম্বৰলৈ কাম কৰিব নোৱাৰিলো ৷ আমি সঁচা অৰ্থত চাৰে তিনিবছৰহে কাম কৰিবলৈ পাৰিলো।'

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে,  'ৰাজ্যৰ কোনো এখন জিলাকেই মই মোৰ ভ্ৰমণসূচীৰ পৰা আঁতৰাই ৰখা নাছিলো ৷ মুখ্যমন্ত্ৰী সকলোলৈ যাব লাগে ৷ দক্ষিণ শালমৰাৰ- মানকাছাৰলৈ মই বহুবাৰ গৈছো। মানকাছাৰতো মই নিশা কটাইছো। এই চৰকাৰৰ দিনত বৰাক-ব্ৰহ্মপুত্ৰৰ সকলো লেকেই সম মৰ্যাদা পাইছে ৷  আগৰ কথা বেলেগ আছিল ৷ এতিয়া মোৰ কাষলৈ আহিলে কোনো এজন বিধায়কে ক'ব নোৱাৰে যে, মই কোনো বিধায়কক অৱহেলা কৰিছো।'

দুৰ্নীতিৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 'দুৰ্নীতিমুক্ত অসম কেৱল শ্লোগান হ'ব নোৱাৰে, তাৰ বাবে নিৰন্তৰ কাম কৰিব লাগিব। কোনোৱে শুকুৰবাৰে কৈছিল SI পৰীক্ষাৰ প্ৰশ্নকাকত লিক্ হোৱাৰ কথা ৷ মই প্ৰশ্নকাকত লিক্ হোৱাৰ ১৫ মিনিটৰ ভিতৰত পৰীক্ষা বন্ধ কৰিছিলো ৷ তদন্তৰ নিৰ্দেশ দিছিলো ৷ ৮৭ৰ ভিতৰত তদন্ত কৰি অভিযোগনামা দাখিল কৰিছিল।'

মুখ্যমন্ত্ৰীৰ আন কেতবোৰ গুৰুত্ব পূৰ্ণ মন্তব্য-

  • কোভিড১৯ৰ সময়ত সন্মুখৰ পৰা কাম কৰা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, পীয়ুষ হাজৰিকা, চিকিৎসক-নাৰ্চ, এম্বুলেন্সৰ চালকৰ পৰা আৰম্ভ কৰি সকলোলৈকে মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছো ৷ সকলো বিভাগ, মন্ত্ৰী-বিধায়ক, সাংবাদিকসকলক ধন্যবাদ জনাইছো ৷

  • এই চৰকাৰৰ দিনত বৰাক-ব্ৰহ্মপুত্ৰ সকলোৱে সম মৰ্যাদা পাইছে ৷ আপোনালোকে বেজাৰ কৰিব নালাগে, অহাবাৰো আমাৰেই চৰকাৰ হ'ব।

  • বিশ্ব বিনিয়োগ সন্মিলন আয়োজনৰ ফলত আমি লাভান্বিত হৈছো।

  • কৃষিখণ্ডত আজি উচ্চ শিক্ষিতসকল আহিছে আগুৱাই ৷ কৃষিখণ্ডক শক্তিশালী কৰিছেকৃষকসকলে ধৰ্মঘট কৰিছে ৷ তেওঁলোকক ক'ব বিচাৰিছোঁ যে, তেওঁলোকে চিন্তা কৰিব নালাগে।

  •  কুৱালিটী এড্যুকেছন আমাক লাগিব ৷ কোভিড১৯ৰ সময়ত আমি বহু কথা শিকিলো ৷ ফল-ফুল-ঔষধি আমাক লাগিব ৷ বনাঞ্চল আমি বৃদ্ধি কৰিব লাগিব।

  • অভিভাৱকসকলক মই অনুৰোধ কৰিছো যে, আপোনালোকৰ সন্তানৰ জন্মদিনতএকোজোপাকৈ গছ পুলি উপহাৰ দিয়ক। আমাৰ চৰকাৰৰ দিনত বনাঞ্চলৰ সংখ্যা বৃদ্ধি পাইছে।

  • BTAD অঞ্চলত সমগ্ৰ বিশ্বই জানিছিল বোমা বিস্ফোৰণ, অপহৰণ, হত্যাকাণ্ড হয় বুলি ৷ আমি BTR চুক্তি কৰাৰ পিছত পৰিৱেশ সলনি হৈছে।

  • আমি কেৱল আঁচনি লৈ, হিতাধিকাৰীক লৈ চৰকাৰ চলাবলৈ অহা নাই, আমি সকলোৰে উন্নয়ন কৰাৰ বাবে চৰকাৰ কৰিছো। মূল্যবোধৰ ৰাজনীতি কৰিছো। কাৰণ মূল্যবোধেহে সমাজ শক্তিশালী কৰে।

Published by:Himangshu Bhuyan
First published: