CPAৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় অধিৱেশনৰ আয়োজক অসম বিধানসভা CPAৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় অধিৱেশনৰ আয়োজক অসম বিধানসভা এখন ৰাষ্ট্ৰীয় আৰু আন এখন আন্তঃৰাষ্ট্ৰীয় অধিৱেশন আয়োজন কৰিবলৈ ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে অসম বিধানসভাৰ সচিবালয়ে। ৯-১০ এপ্ৰিলত কমনৱেলথ পাৰ্লিয়ামেণ্টৰী এছ'চিয়েচনৰ ইণ্ডিয়া ৰিজনৰ অধিৱেশনখন অনুষ্ঠিত হ'ব ৷ ইয়াৰ পিছতে ১১-১২ এপ্ৰিলত আন্তঃৰাষ্ট্ৰীয় অধিৱেশনত ৪০তকৈ অধিক দেশৰ দুই শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷
ব্যাপক তৎপৰতাৰে কাম চলিছে অসম বিধানসভা সচিবালয়ত (Assam Assembly Secretariat) ৷ কিয়নো দুখনকৈ গুৰুত্বপূৰ্ণ অধিৱেশনৰ আয়োজক হ'ল অসম বিধানসভা ৷ কমনৱেলথ পাৰ্লিয়ামেণ্টৰী এছ'চিয়েচনৰ ইণ্ডিয়া ৰিজন আৰু আন্তঃৰাষ্ট্ৰীয় মধ্য বাৰ্ষিক অধিৱেশন দুখন আয়োজন কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পন্ন কৰি তুলিছে বিধানসভাৰ সচিবালয়ে ৷
৯ আৰু ১০ এপ্ৰিলত ইণ্ডিয়া ৰিজনৰ অধিৱেশনত দেশৰ বিধানসভাসমূহৰ অধ্যক্ষ, উপাধ্যক্ষ, বিৰোধী দলপতি, লোকসভাৰ অধ্যক্ষ, ৰাজ্যসভাৰ সভাপতি, বিধায়ক আৰু সাংসদসকলে অংশগ্ৰহণ কৰিব ৷
একেদৰে আন্তঃৰাষ্ট্ৰীয় অধিৱেশনখন ১১ আৰু ১২ এপ্ৰিলত অনুষ্ঠিত হ'ব ৷ কমনৱেলথ পাৰ্লিয়ামেণ্টৰী এছ'চিয়েচনৰ সদস্য দেশসকলৰ ভিতৰত ৪০তকৈ অধিক দেশে এই সন্মিলনত উপস্থিত থাকিব ৷
দেশ-বিদেশৰ প্ৰতিনিধিসকলক অসমৰ কৃষ্টি-সংস্কৃতিৰ পৰিচয় কৰাই দিবলৈ দুখনকৈ সাংস্কৃতিক অনুষ্ঠান হোটেল ৰেডিছন ব্লুত আয়োজন কৰা হ'ব ৷ লগতে প্ৰতিনিধিসকলক পৰ্যায়ক্ৰমে পবিতৰা অভয়াৰণ্য, বস্ত্ৰনগৰী শুৱালকুছি আৰু ওদালগুৰিৰ দুখন চাহ বাগান দেখুওৱাৰ ব্যৱস্থা কৰিছে অসম বিধানসভাৰ সচিবালয়ে ।ইয়াৰ বাবে ইতিমধ্যে প্ৰট'কল বিষয়া ৰাজ্য চৰকাৰে বিধানসভাৰ সচিবালয়ত সংলগ্ন কৰিছে ৷
Published by: Gautam Barman
First published: April 04, 2022, 16:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|