• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam-Assembly: নতুন চৰকাৰ গঠনৰ সময়ত প্ৰশান্ত ফুকনৰ মন্ত্ৰীত্ব বিচাৰি মোদী, অমিত শ্বাহৰ ওচৰলৈ যাব হিমন্ত বিশ্ব...ডিব্ৰুগড়ত বিশাল ৰোড শ্ব কৰি দিলে বহু প্ৰতিশ্ৰুতি

Assam-Assembly: নতুন চৰকাৰ গঠনৰ সময়ত প্ৰশান্ত ফুকনৰ মন্ত্ৰীত্ব বিচাৰি মোদী, অমিত শ্বাহৰ ওচৰলৈ যাব হিমন্ত বিশ্ব...ডিব্ৰুগড়ত বিশাল ৰোড শ্ব কৰি দিলে বহু প্ৰতিশ্ৰুতি

শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ডিব্ৰুগড়ৰ হাজাৰ হাজাৰ ৰাইজৰ আগত এই প্ৰতিশ্ৰুতি দিলে হিমন্ত বিশ্ব শৰ্মাই।

শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ডিব্ৰুগড়ৰ হাজাৰ হাজাৰ ৰাইজৰ আগত এই প্ৰতিশ্ৰুতি দিলে হিমন্ত বিশ্ব শৰ্মাই।

শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ডিব্ৰুগড়ৰ হাজাৰ হাজাৰ ৰাইজৰ আগত এই প্ৰতিশ্ৰুতি দিলে হিমন্ত বিশ্ব শৰ্মাই।

  • Share this:
প্ৰশান্ত ফুকনৰ মন্ত্ৰীত্ব বিচাৰি নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ কাষলৈ যাবলৈ সাজু হৈছে নেডাৰ আহ্বায়ক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শনিবাৰে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি ডিব্ৰুগড়ৰ হাজাৰ হাজাৰ ৰাইজৰ আগত এই প্ৰতিশ্ৰুতি দিলে হিমন্ত বিশ্ব শৰ্মাই।

ইফালে ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত এক লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে মন্ত্ৰীগৰাকীয়ে। আনহাতে কংগ্ৰেছৰ চৰকাৰ আহিলে ৬ ঘণ্টাৰ ভিতৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হ'ব বুলি ৰাহুল গান্ধীয়ে দিয়া প্ৰতিশ্ৰুতিক কটাক্ষ কৰি হিমন্তই ক'লে, 'ক'ত চৰকাৰ হ'লে বাংলাদেশত নেকি?'

ইফালে, নাচি বাগি হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত বাহিৰ কৰিলে বিশাল ৰোড শ্ব। লক্ষ্যণীয় ভাবে মন্ত্ৰীগৰাকীক এবাৰ ওচৰৰ পৰা চাবলৈ ৰাস্তাৰ দুয়োকাষে ভিৰ কৰিলে অসংখ্য লোকে। আনকি ঘণ্টা ঘণ্টা ধৰি পথৰ কাষত,ঘৰৰ সন্মুখত,ঘৰৰ চাদৰ ওপৰত ৰৈ থাকে শ-শ জনতা।

ডিব্ৰুগড়ৰ পুৰণি হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ কৰা পদযাত্ৰাত ডিব্ৰুগড়ত দেখা গ'ল অভূতপূৰ্ব দৃশ্য। প্ৰায় দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা পদযাত্ৰা পুৰণি হাইস্কুল খেলপথাৰ পৰা আৰম্ভ হৈ এটি ৰোড, এইচ এছ ৰোড হৈ শান্তিপাড়া পূৰ্ণানন্দ ৰোড হৈ চিৰিংচাপৰিলৈকে প্ৰায় ৭ কিলোমিটাৰ পৰ্যন্ত আগবাঢ়ি যায়।
Published by:Himangshu Bhuyan
First published: