বিধানসভাৰ ভিতৰত আজি বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত ৰাস্তা নিৰ্মাণকলৈ কথাৰ কটা-কটি হয়। বিধানসভাৰ ভিতৰত আজি বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত ৰাস্তা নিৰ্মাণকলৈ কথাৰ কটা-কটি হয়। আজি সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ মাজত তীব্ৰ তৰ্কা-তৰ্কি হয়। সদনত অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কয় যে,- 'আপুনিতো ক'বই নোৱাৰে। আপোনাৰ বহু গণ্ডগোল আছে।' লগে লগে বিধায়ক অখিল গগৈক উভতি ধৰে বিজেপিৰ সদস্যসকলে।
কোনে কাক উদ্দেশ্যি কি ক'লে-
অখিল গগৈ: বিকল্প ৰাস্তা লাগে।
মুখ্যমন্ত্ৰী: আপুনি মোৰ আসনত বহিলে ক'ব পাৰিব।
অখিল গগৈ: আপুনিতো ক'বই নোৱাৰে ৷ আপোনাৰ বহু গণ্ডগোল আছে।
মুখ্যমন্ত্ৰী: GMCHৰ চিকিৎসক নাৰ্চৰ সন্মুখত কথা পাতিম।
মুখ্যমন্ত্ৰী: বিধানসভাৰ বাহিৰত সন্মানীয় কোনো বিধায়কে টকা লোৱা বুলি কৈছে যেতিয়া তদন্ত হ'ব লাগে।
অখিল: তদন্ত হ'ব লাগে
মুখ্যমন্ত্ৰী: অহংকাৰ হ'লেই বিপদ ৷ আমি অহংকাৰৰ পৰা ৰক্ষা পৰিব লাগে। যোৱা পাঁচ বছৰত প্ৰতিটো সমষ্টিতে ৰাস্তাৰ কাম হৈছে।
মুখ্যমন্ত্ৰী: আপুনিয়ে একমাত্ৰ ভাল মানুহ ৷ একমাত্ৰ মহাত্মা গান্ধী ৷ আপুনি পশ্চিমবংগৰহে ভাল দেখে ৷ ঢলা-শদিয়াৰ দলং কোনোবাই কোৱাৰ দৰে ২% কমিছন লোৱা সকলেই কিন্তু কৰিছিল ৷
অখিল: কমিছন লৈয়ে আছে এতিয়াও।
Published by: Himangshu Bhuyan
First published: August 11, 2021, 14:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|