সমাগত ২০২১ চনৰ বিধান সভা নিৰ্বাচন। নিৰ্বাচনৰ অধিসূচনা জাৰি কৰিবলৈ মাজত আৰু ছমাহ সময় বাকী থকা অৱস্থাত শাসক বিৰোধীj শিবিৰে শিবিৰে আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক সমিকৰণ। কংগ্ৰেছ- এআইইউডিএফৰ মিত্ৰতা, বিজেপিৰ মুখ্যমন্ত্ৰী কেন্দ্ৰীক সংঘাত আৰু অগপৰ অধিবেশন সন্দৰ্ভত উষ্ণ ৰাজনৈতিক বতাহ বলি থকাৰ মাজতে প্ৰাক্তন বিজেপি সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ মহা বিস্ফোৰণ।
বৰ্তমানৰ কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মাই সম্ভৱনা ব্যক্ত কৰে যে, আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই অসমৰ বিভিন্ন আসনত বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থীক সহায় কৰিব। তেজপুৰ লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মাই লগতে কয় যে, কংগ্ৰেছে কেৱল এআইইউডিএফৰ সৈতে নহয় আটাইবোৰ বিৰোধী শক্তি আৰু সৰু-ডাঙৰ জাতি জনগোষ্ঠীয় দল, কা বিৰোধী দল সংগঠন আৰু নেতাৰ সৈতে এক বৃহৎ মহাজোঁট গঠন কৰিব। এই মহাজোঁটেই ২০২১ত চৰকাৰ গঠন কৰিব বুলিও ভৱিষ্যতবাণী কৰে ৰাম প্ৰসাদ শৰ্মাই।
অসমৰ বিভিন্ন সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীক মন্ত্ৰী হিমন্তই ভিতৰুৱাকৈ সমৰ্থন দিব বুলি ৰাম প্ৰসাদ শৰ্মাই সম্ভাৱনা ব্যক্ত কৰা সন্দৰ্ভত হিমন্তই কি প্ৰত্যুত্তৰ দিয়ে সেয়া সময়ত স্পষ্ট হৈ পৰিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|