আজি অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ। পুৱাই ভোটকেন্দ্ৰত ভিৰ কৰিছে ভোটাৰে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নগাওঁ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ ১১ খন জিলাৰ ১১ হাজাৰ ৫৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।
এইপৰ্যন্ত প্ৰথম পৰ্যায়ৰ আটাইকেইটা সমষ্টি মিলাই ৪৫.২০ শতাংশ ভোটদান সম্পন্ন হৈছে। ঠায়ে ঠায়ে যদিও ইভিএম বিকল হোৱাৰ তথ্য আহিছে, তথাপিও ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে।
১ বজা পৰ্যন্ত বিভিন্ন সমষ্টিত ভোটদানৰ হাৰ এনেধৰণৰঃ
- বটদ্ৰৱা- ৫৩.৬০ শতাংশ
- ধিং- ২৮.৬০ শতাংশ
- ৰূপহীহাট- ৪৪.৭০ শতাংশ
- চামগুৰি- ২৩.৭০ শতাংশ
- যোৰহাট- ৪৬.৮৬ শতাংশ
- দেৰগাওঁ- ৪৯.৩৩ শতাংশ
- টীয়ক- ৪৯.৪২ শতাংশ
- মৰাণ- ৩১ শতাংশ
- ডিব্ৰুগড়-৩২ শতাংশ
- লাহোৱাল- ৩১ শতাংশ
- দুলীয়াজান- ৩৪ শতাংশ
- টিংখাং- ৩২ শতাংশ
- নাহৰকটীয়া- ৩৩ শতাংশ
- চাবুৱা- ৩২ শতাংশ
- বোকাখাত- ৪৮.৩৩ শতাংশ
- ঢেকীয়াজুলি- ৫১ শতাংশ
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|