সম্পন্ন হ'ল বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। শনিবাৰৰ দিনটোত ৰাজ্যৰ প্ৰায় সকলো ভোট কেন্দ্ৰতে ভোটাৰৰ ব্যাপক সমাগম দেখিবলৈ পোৱা গ'ল। প্ৰথম পৰ্যায়ৰ সৰ্বমুঠ ৪৭টা সমষ্টিত সামগ্ৰিক ভোটৰ হাৰ ৭৭.০১ শতাংশ বুলি জানিব পৰা গৈছে। কিন্তু এই হাৰ বৃদ্ধি পোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে নিৰ্বাচন আয়োগে।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বাধিক মাহমৰা সমষ্টিত ভোটদানৰ হাৰ সৰ্বাধিক। ৮৬.৭৫ শতাংশ ভোটদান সম্পন্ন হয় সমষ্টিটোত। সেইদৰে সোণাৰিত ৮৪.৫৬ শতাংশ, আমগুৰিত ৮৩ শতাংশ, ঢকুৱাখনাত ৮১.৩০ শতাংশ, কলিয়াবৰত ৮১ শতাংশ, বিশ্বনাথত ৮২.৯০ শতাংশ, বিহালীত ৮১.১০ শতাংশ, শিৱসাগৰ ৮২ শতাংশ, নাজিৰা ৮১ শতাংশ, থাওৰা ৮৩ শতাংশ, বটদ্ৰৱা ৮০ শতাংশ, নাহৰকটীয়া ৭৮.৩৪ শতাংশ, বোকাখাত ৮০ শতাংশ, খুমটাই ৭৯ শতাংশ, দুলীয়াজান ৭৭ শতাংশ, গোলাঘাট ৭৯ শতাংশ, তেজপুৰ ৭৯ শতাংশ, গহপুৰ ৭৮.৩৪ শতাংশ, ৰূপহীহাট ৮৪ শতাংশ, ধিং ৮৪ শতাংশ, মাৰ্ঘেৰিটা ৭৭.৮৩ শতাংশ।
উল্লেখ্য যে, এইবাৰ নিৰ্বাচন আগতকৈ কিছু ব্যতিক্ৰম। কোৰোণা বিধি মানি সকলো ভোটাৰে সাব্যস্ত কৰিবলগীয়া হৈছে ভোটদান। আনহাতে প্ৰথম পৰ্যায়ৰ ৪৭টা সমষ্টিৰ ভিতৰত ২০টা সমষ্টিত হোৱা অভাৱনীয় ভোটদানে কিহৰ ইংগিত প্ৰদান কৰিছে, সেইলৈয়ো ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলা দেখা গৈছে।
আনহাতে ডিব্ৰুড়ত ভোটদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি দাবী কৰিছে। আনহাতে ভোটদানৰ বৃদ্ধিৰ হাৰে ৰাইজ কংগ্ৰেছৰ পক্ষত থকাৰ ইংগিত দিছে বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ঠিক সেইদৰে লুৰিণজ্যোতি গগৈয়ে কয় যে, 'জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিবলৈ ওলাই আহিছে ৰাইজ।'
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|