আজি অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰতিটো সমষ্টিতে দেখিবলৈ পোৱা গৈছে ভোটাৰৰ ব্যাপক ভিৰ। এইবাৰ দুলীয়াজান আৰু তিনিচুকীয়া বিধানসভা সমষ্টিত আকৰ্ষণীয় হৈছে নিৰ্বাচনী যুঁজ। দুলীয়াজান সমষ্টিত এইবাৰ লুৰীণজ্যোতি গগৈয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে। সেইদৰে দুলীয়াজানত বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণক তীব্ৰ প্ৰত্যাহ্বান জনাইছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চমচেৰ সিঙে।
![]()
তাৰ মাজতে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনটোতে তিনিচুকীয়াত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য। তিনিচুকীয়াৰ এটা ভোটকেন্দ্ৰত একেলগে ফটো উঠিল তিনি প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ, সঞ্জয় কিষাণ আৰু চমচেৰ সিঙে। আনকি বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণে ভোটগ্ৰহণ কেন্দ্ৰৰ মাজতে সাবটি ধৰিলে চমচেৰ সিং আৰু লুৰিণজ্যোতি গগৈক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|