মহাপ্ৰতাপী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে জালুকবাৰী সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা কৰা ৰমেন চন্দ্ৰ বৰঠাকুৰে বুধবাৰে আনিলে এক মহাঅভিযোগ ৷ বৰঠাকুৰে দাবী কৰা মতে, মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ প্ৰস্তাৱ দিছিল হিমন্ত বিশ্বৰ হৈ এজন নেতাই ৷ বিনিময়ত যি লাগে তাকেই দিয়াৰ প্ৰস্তাৱ দিছিল জালুকবাৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীজনক।
বিগত দুমাহ ধৰি অসমৰ ৰাজনীতিৰ চাণক্য হিচাপে জনাজাত হিমন্ত বিশ্বই ৰাজ্যজুৰি চালই আছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। নিজ সমষ্টিত অৱশ্যে তেওঁ বেছি সময় দিব পৰা নাই ৷ এইবাৰ হিমন্তৰ বিৰুদ্ধে জালুকবাৰীত কংগ্ৰেছে প্ৰক্ষেপ কৰিছে ৰমেন চন্দ্ৰ বৰঠাকুৰক ৷
বুধবাৰে কংগ্ৰেছী প্ৰাৰ্থী ৰমেন চন্দ্ৰ বৰঠাকুৰে হিমন্তৰ বিৰুদ্ধে অভিযোগ আনি কয় যে,'মোক হিমন্তৰ মানুহে মনোনয়ন প্ৰত্যাহাৰৰ বাবে দিছিল প্ৰস্তাৱ ৷ বিনিময়ত যি লাগে তাকেই দিম বুলি কৈছিল ৷ লাগিলে ৰাজ্যসভালৈ পঠিওৱাৰো দিছিল প্ৰস্তাৱ ৷ হিমন্তই সকলোকে মেনেজ কৰিব পাৰিম বুলি ভাবে। কিন্তু মোক নোৱাৰিলে ৷ মই তেওঁৰ প্ৰস্তাৱ নামানিলো ৷”
পিছে হিমন্ত বিশ্ব শৰ্মাৰ হৈ কোনে দিছিল প্ৰস্তাৱ? বৰঠাকুৰে কি কৰিলে ?সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বৰঠাকুৰে কৌশলী উত্তৰ দিলে ৷ প্ৰস্তাৱ দিয়া নেতাৰ নাম ৰাজহুৱা নকৰে বৰঠাকুৰে ৷ মানহানি গোচৰ তৰিলেহে হেনো তেওঁ তথ্যবোৰ ৰাজহুৱা কৰিব।
ইপিনে ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই কঠোৰ ভাষাৰে সমালোচনা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৷ হাগ্ৰামা মহিলাৰীক NIA লগাই জে'লত ভৰাম বুলি হিমন্তই কৰা মন্তব্য সন্দৰ্ভত ভূঞাই ক'লে- “আজিৰ তাৰিখত হিমন্ত কোন? এতিয়া কেয়াৰটেকাৰ চৰকাৰ চলি আছে ৷ হিমন্ত গৃহমন্ত্ৰী নে মুখ্যমন্ত্ৰী যে, যাকে মন যায় তাকে জে'লত ভৰাব? হাগ্ৰামাৰ দৰে এজন জনজাতীয় নেতাক NIA লগাই জে'লত ভৰাম বুলি কৈ হিমন্তই কি বুজাব বিচাৰিছে? কি NIA, আইন-আদালত সকলো হিমন্তৰ মতে চলে?”
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 31, 2021, 16:18 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|