তিনিটা পৰ্যায়ত অসম বিধানসভাৰ নিৰ্বাচন! সাজু নিৰ্বাচন আয়োগ

প্ৰাপ্ত খবৰ মতে, উজনি অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব৷ ব'হাগ বিহুৰ পূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নামনি অসমত৷
প্ৰাপ্ত খবৰ মতে, উজনি অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব৷ ব'হাগ বিহুৰ পূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নামনি অসমত৷
- News18 Assam
- Last Updated: January 11, 2021, 4:26 PM IST
এই হিচাপত সোমবাৰৰ পৰা দুদিনীয়া ভ্ৰমণ আৰম্ভ কৰিছে দেশৰ নিৰ্বাচন আয়োগৰ এটা উচ্চস্তৰীয় দলে৷ দলটোৱে সোমবাৰে ডিব্ৰুগড়ত উজনি অসমৰ জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে আৰম্ভ কৰে পৰ্যালোচনা বৈঠক৷ ডিব্ৰুগড়ত পৰ্যালোচনা বৈঠক কৰাৰ পিছত মঙলবাৰে গুৱাহাটীত দ্বিতীয়খন বৈঠকত অংশগ্ৰহণ কৰিব নিৰ্বাচন আয়োগৰ দলটোৱে৷ এই বৈঠকত মুখ্য সচিব জিষ্ণু বৰুৱা, DGP ভাস্কৰজ্যোতি মহন্ত, বিশেষ শাখাৰ ADGP হীৰেন নাথ আৰু জিলা উপায়ুক্ত তথা আৰক্ষী অধীক্ষকসকল উপস্থিত থাকিব৷
প্ৰাপ্ত খবৰ মতে, উজনি অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব৷ ব'হাগ বিহুৰ পূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পিছতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰিব নামনি অসমত৷ ইয়াৰ পিছত ১৪ সংখ্যাক অসম বিধানসভাৰ অন্তিম তথা তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব বৰাক ভেলীত৷
বিগত ১৩সংখ্যক অসম বিধানসভাৰ নিৰ্বাচনত ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা আছিল ২৪,৮৮৮টা৷ এই সংখ্যা বৃদ্ধি কৰিব কোভিড–১৯ৰ বিধি ৰক্ষাৰ বাবে৷ এইক্ষেত্ৰত অৱশ্যে কোনো কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই দেশৰ নিৰ্বাচন আয়োগে৷
ইপিনে আসন্ন বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক প্ৰস্তুতি চলোৱা আৰম্ভ কৰিছে৷ শাসকীয় BJPৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সোমবাৰৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছে বৰাক ভেলীত৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙেও অসমতে বাহৰ পাতি বিভিন্ন সভা-সমিতি পাতি কংগ্ৰেছৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে সাজু হৈছে৷