• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰহাৰ টিকটৰ বাবে স্বেচ্ছামূলক অৱসৰ দুজন উচ্চপদস্থ বিষয়াৰ

ৰহাৰ টিকটৰ বাবে স্বেচ্ছামূলক অৱসৰ দুজন উচ্চপদস্থ বিষয়াৰ

সমষ্টিটো হৈছে বিজেপিৰ দখলত থকা ৰহা সমষ্টি৷ আকৰ্ষণীয় হৈ উঠিছে এতিয়া ৰহা বিধানসভা সমষ্টি৷

সমষ্টিটো হৈছে বিজেপিৰ দখলত থকা ৰহা সমষ্টি৷ আকৰ্ষণীয় হৈ উঠিছে এতিয়া ৰহা বিধানসভা সমষ্টি৷

সমষ্টিটো হৈছে বিজেপিৰ দখলত থকা ৰহা সমষ্টি৷ আকৰ্ষণীয় হৈ উঠিছে এতিয়া ৰহা বিধানসভা সমষ্টি৷

  • Share this:
এটা বিশেষ বিধানসভা সমষ্টি৷ যিটো সমষ্টিত টিকট লাভৰ বাবে দুটা দলৰ দুজন প্ৰাৰ্থীয়ে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিলে৷ সমষ্টিটো হৈছে বিজেপিৰ দখলত থকা ৰহা সমষ্টি৷ আকৰ্ষণীয় হৈ উঠিছে এতিয়া ৰহা বিধানসভা সমষ্টি৷

সমষ্টিটোত টিকট লাভৰ বাবে কিছুদিন পূৰ্বে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছিল DIG ড০ শ্যামল শইকীয়াই৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাসৰ উপস্থিতিত যোগ দিছিল গেৰুৱা দল বিজেপিত৷ একেদৰে ৰহাৰ টিকটৰ আশাতে অসম ৰাজ্যিক গৃহ নিৰ্মাণ ব’ৰ্ডৰ মুখ্য প্ৰশাসনিক বিষয়া বিষ্ণু দাসেও লৈছিল স্বেচ্ছামূলক অৱসৰ৷

বিজেপিৰ দখলত থকা সমষ্টিটোত বিজেপিৰ যুৱ নেতা লক্ষ্যজ্যোতি দাসেও ইয়াৰ মাজতে অব্যাহত ৰাখিছে কুচকাৱাজ৷ সমষ্টিটোৰ বিভিন্ন স্থানত মন্ত্ৰী পীযুষ হাজৰিকাৰ সোঁৱে-বাঁৱে দেখা পোৱা গৈছে অগপত যোগ দি টিকটৰ দৌৰত থকা বিষ্ণু দাসক৷

এতিয়া কথা হ'ল চৰ্চা চলি থকাৰ দৰে সমষ্টিটো যদি বিজেপিয়ে অগপক এৰি দিয়ে বিষ্ণু দাসে টিকট লাভ কৰাতো একপ্ৰকাৰ নিশ্চিত৷ আৰু যদিহে ৰহা সমষ্টি বিজেপিয়ে নিজৰ হাততে ৰাখে তেতিয়া ড০ শ্যামল শইকীয়া বা যুৱনেতা লক্ষ্যজ্যোতি দাসৰ ভিতৰত যিকোনো এজনে লাভ কৰিব টিকট৷ এটা কথা ঠিক যে সমষ্টিটোত অগপতকৈ শক্তশালী বিজেপিৰ সাংগঠনিক ভেটি৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি