Assam Election Results 2021: জালুকবাৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছে বৃহত্ অগ্ৰগতি, মাজুলীত বিশাল ব্যৱধানত আগবাঢ়িছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
Assam Election Results 2021: জালুকবাৰীত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছে বৃহত্ অগ্ৰগতি, মাজুলীত বিশাল ব্যৱধানত আগবাঢ়িছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
Assam Assembly Election Results 2021:ইতিমধ্যে কোনো কোনো সমষ্টিত ৬টা ৰাউণ্ডৰ ভোট গণনা সম্পন্ন হোৱাৰ বিপৰীতে কিছু কিছু সমষ্টিত পঞ্চম পৰ্যায়লৈকে ভোটগণনা সম্পন্ন হৈছে।
Assam Assembly Election Results 2021:ইতিমধ্যে কোনো কোনো সমষ্টিত ৬টা ৰাউণ্ডৰ ভোট গণনা সম্পন্ন হোৱাৰ বিপৰীতে কিছু কিছু সমষ্টিত পঞ্চম পৰ্যায়লৈকে ভোটগণনা সম্পন্ন হৈছে।
চলি আছে অসম বিধানসভা নিৰ্বাচজনৰ ভোটগণনা। ইতিমধ্যে কোনো কোনো সমষ্টিত ৬টা ৰাউণ্ডৰ ভোট গণনা সম্পন্ন হোৱাৰ বিপৰীতে কিছু কিছু সমষ্টিত পঞ্চম পৰ্যায়লৈকে ভোটগণনা সম্পন্ন হৈছে। বৰ্তমান লৈকে বহুকেইটা সমষ্টিত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুুঁজ। বহু সমষ্টিত বিশাল ব্যৱধানত আগবাঢ়িছে শাসকীয় বিজেপি।
জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুতকৈ বৃহত্ সংখ্যক ভোটত আগবাঢ়ি আছে। ইতিমধ্যে সমষ্টিটোত ছটা ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হৈছে। আৰি এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই ৩৭,০০১টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ ৰমেন বৰঠাকুৰে লাভ কৰিছে ১২,৯৭৪টা ভোট। ঠিক সেইদৰে মাজুলী সমষ্টিত আগবাঢ়ি আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিজেপিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে কংগ্ৰেছ প্ৰাৰ্থী ৰাজীৱ লোচন পেগুতকৈ বিশাল ব্যৱধানত আগবাঢ়ি আছে বুলি খবৰ আহিছে।