Assam Election Results 2021: বিহালী, পাটাচাৰকুচি, টীয়কৰ লগতে বহু সমষ্টিত নিশ্চিত বিজয়ৰ দিশে বিজেপি মিত্ৰজোঁট, পৰাজয়ৰ গৰাহত ৰিপুণ বৰা

News18 Assam | News18-Assam
Updated:May 2, 2021, 3:21 PM IST
Assam Election Results 2021: বিহালী, পাটাচাৰকুচি, টীয়কৰ লগতে বহু সমষ্টিত নিশ্চিত বিজয়ৰ দিশে বিজেপি মিত্ৰজোঁট, পৰাজয়ৰ গৰাহত ৰিপুণ বৰা
চলি আছে অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। বহুকেইটা সমষ্টিত বিজেপি মিত্ৰজোঁট এতিয়া নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ হৈছে।

চলি আছে অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। বহুকেইটা সমষ্টিত বিজেপি মিত্ৰজোঁট এতিয়া নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ হৈছে।

  • Share this:
চলি আছে অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। বহুকেইটা সমষ্টিত বিজেপি মিত্ৰজোঁট এতিয়া নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ হৈছে। আৰু হয়টো কেইটামান ৰাউণ্ড শেষ হোৱাৰ পিছতে সকলো ছবি স্পষ্ট হয় পৰিব। উল্লেখ্য যে, এই পৰ্যন্ত উজনি অসমত ভাল প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে বিজেপি মিত্ৰজোঁট। সেইদৰে কংগ্ৰেছ মহাজোঁটে নামনি অসমত কিছু ভাল ফল দেখুওৱা পৰিলক্ষিত হৈছে।

এই কেইটা সমষ্টিত বিজেপি মিত্ৰজোঁট প্ৰায় নিশ্চিত বিজয়ৰ দিশেঃ

বিহালী, পাটাচাৰকুচি, টীয়ক, জালুকবাৰী, মাজুলী, ধেমাজী, জোনাই, ঢকুৱাখনা, তেজপুৰ, চতীয়া, গহপুৰ,  ঢেকিয়াজুলী, ৰঙাপাৰা, কমলপুৰ,  নলবাৰী, ধৰ্মপুৰ, ডিব্ৰুগড়, টিংখাং, মাহমৰা, গোলাঘাট, বোকাখাত, কলিয়াবৰ, মাৰ্ঘেৰিটা।

এই কেইটা সমষ্টিত কংগ্ৰেছ মহাজোঁটৰ বিজয় প্ৰায় নিশ্চিত হৈছেঃ

ছয়গাওঁ, দক্ষিণ শালমৰা, সৰুক্ষেত্ৰী, বৰক্ষেত্ৰী, বকো, চামগুৰি, বটদ্ৰৱা।

এতিয়াও স্পষ্ট নহয়  এই সমূহ ছবিৰ দৃশ্যপটঃ

জাগীৰোড, শিৱসাগৰ, বঢ়মপুৰ, থাওৰা, লখিমপুৰ, বিহপুৰীয়া, নাওবৈছা, দুলীয়াজান, নাজিৰা, নাহৰকটীয়া সমষ্টি।
Published by: Himangshu Bhuyan
First published: May 2, 2021, 3:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি